Breaking

ভূমি পূজনত ভাগ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই…

0 61

লুইত আৰু সোৱণশিৰি নৈৰ ওপৰত দুখনকৈ ডাঙৰ দলং নিৰ্মাণকে ধৰি মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমাৰালৈ পথৰ উন্নীতকৰণৰ বাবে আজি অনুষ্ঠিত ভূমি পূজনত ভাগ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প এ এছ আৰ আই পি এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংকৰ পুঁজিৰে চলি থকা এই প্ৰকল্পটো অসম চৰকাৰৰ অন্যতম কাৰ্যসূচী অসম মালাৰ অধীনত ৬৯৪ কোটি টকা প্ৰকল্প ব্যয়ৰে ৰূপায়ণ কৰা হৈছে।

অনুষ্ঠানত সতীৰ্থ মন্ত্ৰী ডাঃ ৰণোজ পেগু, শ্ৰীজয়ন্ত মল্লবৰুৱা আৰু শ্ৰীমতী নন্দিতা গাৰ্লোছা, মাননীয় সাংসদ শ্ৰীপ্ৰদান বৰুৱা, মাননীয় বিধায়ক শ্ৰীভূৱন গাম,

শ্ৰীঅমিয় কুমাৰ ভূঞা আৰু শ্ৰীমানৱ ডেকাও উপস্থিত থাকে।

Leave A Reply