Breaking

এফালে বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰীৰ ৫৫৫ কৌটি টকাৰ বিভিন্ন অভিলাষী আঁচনিৰ শিলান্যাস; জিলাখনৰ আনফালে দান-বৰঙণিৰে ৰাইজৰ দলং নিৰ্মাণ

0 57

বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীত ৫৫৫ কৌটি টকাৰ বিভিন্ন অভিলাষী আঁচনিৰ শিলান্যাস কৰাৰ সময়তে জিলাখনৰ আন এটা প্ৰান্তত দেখা গ’ল বিপৰীত ছবি।

জিলাখনৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ১ নং ভাণ্ডাৰা আৰু জামদহা সংযোগী মৰা আই নৈৰ সুঁতিৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে এখন বাহঁৰ দলং।

দীৰ্ঘদিন ধৰি ১ নং ভাণ্ডাৰা আৰু জামদহাৰ ৰাইজৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে দলঙৰ অভাৱত যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিব লগা হৈছে। ঠাইখনত প্ৰতি বছৰে বাহঁৰ দলং নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখিছে ৰাইজে।

তাৰ পিছতো আজিলৈকে জনপ্ৰতিনিধি নাইবা চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই। ঠাইখনত এখন দলং নিৰ্মাণৰ বাবে চৰকাৰক দাবী জনাইছে ৰাইজে।

Leave A Reply