Breaking

ধান ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীৰ গড়মুৰৰ শ্ৰীশ্ৰী শংকৰদেৱ কৃষি সংঘত অমৰ মাজুলীৰ উদ্যোগত কৃষক গাঁও সভাত কৰিলে অংশগ্ৰহণ …

0 47

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ধান ক্ৰয়ৰ বাবে মাজুলীৰ গৰামুৰৰ শ্ৰীশ্ৰী শংকৰদেৱ কৃষি সংঘত অমৰ মাজুলীৰ উদ্যোগত কৃষক গাঁও সভাত অংশগ্ৰহণ কৰে৷কৃষকসকলক ধান ক্ৰয় কেন্দ্ৰত এম এছ পি ২০৪০ টকাত ধান বিক্ৰী কৰিবলৈ আহ্বান জনায়।

জানি সুখী হ’ব যে মাজুলীৰ কৃষকসকলে ইতিমধ্যে ধান ক্ৰয় কেন্দ্ৰত এদিনতে ৪০০ কুইণ্টল ধান বিক্ৰী কৰিছে। যোৱা বছৰ কৃষকে ১৩৬০ মেট্ৰিক টন ধান বিক্ৰী কৰিছিল।

এইবাৰ পৰিমাণ দুগুণ কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী গৰাকীয়ে ‘প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা’, ‘পিএমকিছান’ আৰু ‘মিছন বসুন্ধৰা ২.০’ৰ দৰে চৰকাৰী আঁচনিৰ সুবিধা ল’বলৈ আহ্বান জনাই মাজুলীক বাণিজ্যিক বৃক্ষৰোপণৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়।

Leave A Reply