Breaking

মুখ্যমন্ত্ৰীৰ বাল্যবিবাহৰ বিৰুদ্ধে নিৰ্দেশৰ পিছতে থানাত বহুকেইজন স্বামী

0 89

বাল্যবিবাহৰ বিৰুদ্ধে অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে নগাঁৱৰ ASP(Crime) ৰূপজ্যোতি কলিতাৰ নেতৃত্বত বহু স্থানত চলিল অভিযান। নগাঁও সদৰ আৰক্ষী থানালৈ সোধা-পোছাৰ বাবে অনা হৈছে বহু ব্যক্তিক।

জিলাখনত অৰ্ধশতাধিক লোকক বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা দেখা গৈছে। কাইলৈ পুৱা ১১ বজাত নগাঁও আৰক্ষী অধীক্ষকে সংবাদমেল যোগে বিতং তথ্য প্ৰকাশ কৰিব বুলি জানিবলৈ দিছে।

ইপিনে, বটদ্ৰৱাত বাল্য বিবাহ কৰাৰ অভিযোগত পাঁচজনকৈ লোকক আটক কৰা হৈছে। বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সম্প্ৰীতি হাজৰিকাৰ নেতৃত্বত বটদ্ৰৱা আৰক্ষীয়ে চলাইছিল এই অভিযান।

ইয়াৰ লগতে মৰিগাওঁ জিলাতো এই মুহূৰ্তত বাল্যবিবাহ কৰা ১০জনক আটক কৰা বুলি জানিব পৰা গৈছে।
শিৱসাগৰ আৰক্ষীয়েও নাবালিকাক বিয়া পতা স্বামীক আটক কৰে, শিৱসাগৰ অৰ্জুনগুৰিৰ পৰা পৰা আটক মনমোহন চুংক্ৰাং (২৩) নামৰ যুৱকজনক।

বৰ্তমানলৈকে ৰহা আৰক্ষীয়েও ৰহাৰ বিভিন্ন স্থানৰ পৰা মুঠ চাৰিজনক আটক কৰিছে।

Leave A Reply