Breaking

হৰি নামৰ ধ্বনিত সপ্ত বৈকুণ্ঠলৈ পৰিণত হল লিডু কেন্দ্ৰীয় নামঘৰৰ চৌহদ

0 1,552

আজি পহিলা ভাদ ।সমগ্ৰ ৰাজ্যজুৰি হৰিনামৰ ধ্বনিয়ে মুখৰিত হল নামঘৰ – সত্ৰসমূহৰ চৌপাশ।ভাদমহীয়া নাম প্ৰসংগৰ বাবে পুৱাতে ওলাই আহিছে ভক্তসমাজ।বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলৰ এটি উল্লেখযোগ্য নামঘৰ লিডু কেন্দ্ৰীয় নামঘৰো মুখৰিত হল হৰি নামৰ ধ্বনিয়ে।ভাদ মাহটো প্ৰতিজন অসমীয়াৰ বাবে অতি আদৰৰ মাহ । অসমীয়া সমাজত ভাদ মাহটো অতি পৱিত্ৰ আৰু ভক্তিৰ মাহ হিচাপে চিহ্নিত।অতীজৰেপৰা অসমীয়া মানুহে এই ভাদ মাহক ভক্তিৰ মাহ হিচাপে পালন কৰি মাহজোৰা নাম – প্ৰসংগ কৰি আহিছে।বৰ্তমানেও এই পৰম্পৰা ৰক্ষা কৰি অসমৰ প্ৰতিটো নামঘৰ সত্ৰত অসমীয়া ৰাইজে ভাদ মাহত নাম প্ৰসংগ কৰে ।

এই মাহটো পৱিত্ৰ বুলি গণ্য কৰাৰ কাৰণ কেইবাটাও । ভাদ মাহতে পৰিছে অসমীয়া জাতি গঠনৰ ভেটি তৈয়াৰ কৰা দুই মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ আৰু মাধৱদেৱৰ তিৰোভাৱ তিথি । এই মাহটোৰ আন এটা বিশেষত্ব হ’ল দৈৱকী নন্দন ভগৱান শ্ৰীকৃষ্ণৰ জন্ম তিথিও এই ভাদ মাহতে । গতিকে এই সময়তে অসমীয়া সংস্কৃতিৰ বাহক সত্ৰ আৰু নামঘৰসমূহত মাহজোৰা নাম – প্ৰসংগৰ পৰম্পৰা চলি আহিছে । মহাপুৰুষ শংকৰদেৱে অসমৰ জাতি – জনগোষ্ঠীক একত্ৰিত কৰি প্ৰতিষ্ঠা কৰা সত্ৰসমূহত ভাদ মাহটো একপ্ৰকাৰ উৎসৱমূখৰ হৈ পৰে । অসমৰ গাঁও, নগৰ , চহৰ সকলো হৰিনামৰ ধ্বনিত মূখৰিত হৈ পৰে । ভক্তিৰসত বুৰ গৈ এই ভাদ মাহত শৈৱ, শাক্ত, বৈষ্ণৱ সকলো যেন এক হৈ পৰে । হৰিনামৰ অমিয়া ৰসত সকলো আপোন পাহৰা হৈ পৰে।

‘হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে’ – হৰিনামৰ অমিয়া সুৰত সত্ৰসমূহ যেন বৈকুণ্ঠপুৰীলৈ পৰ্যবেশিত হৈ পৰে।আকাশে বতাহে সকলোতে হৰিনামৰ ধ্বনি ।বিগত বৰ্ষসমূহৰ দৰে এইবাৰো পৰম্পৰা ৰক্ষা কৰি ১ ভাদৰ পৰা ২ আহিনলৈকে লিডু কেন্দ্ৰীয় নামঘৰত ভাদমহীয়া নাম প্ৰসংগৰ আয়োজন কৰা হৈছে ।পুৱা বন্তি প্ৰজ্বলনেৰে লোকনাথ কোৱঁৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছতে ধৰ্মধ্বজা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি তৰুণ গগৈয়ে ।সহযোগ কৰে উপ সভাপতি ধীৰাজ সোনোৱালে।আতঁ ধৰে সম্পাদক ৰাণাজ্যোতি নেওগ সহঃ সম্পাদক দিপক চেতিয়াই । তাৰপাছতে আইসকলৰ নামকীৰ্তন আৰম্ভ হয় । ১৯ চেপ্তেম্বৰ তাৰিখে আইসকলৰ নামকীৰ্তন আৰু দিহা নামেৰে অনুষ্ঠানৰ সামৰণি পৰিব ।

Leave A Reply