Breaking

মুছলমান যুৱক সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যক লৈ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ কংগ্ৰেছৰ

0 65

‘‘আনৰ ছোৱালী দেখিলে তেজ গৰম হয় মুছলমান যুৱকৰ। মুছলমান ল’ৰাৰ কাৰণে ৰাস্তাৰে যাব নোৱাৰে আনৰ ছোৱালী। চুৰি, ডকাইতি, লুটপাতৰ ঘটনাত এক নম্বৰত আছে মুছলমান।’’- এনেদৰে কেইদিনমান পূৰ্বে মুছলমান যুৱকক লৈ বিতৰ্কিত মন্তব্য কৰিছিল সাংসদ বদৰুদ্দিন আজমলে।

দেওবাৰে গোৱালপাৰাৰ দলগোমা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ মুকলি সভাত সাংসদগৰাকীয়ে মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে কেইবাটাও বিতৰ্কিত মন্তব্য কৰিছিল।

আজমলৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মঙলবাৰে সাংসদগৰাকীৰ বিৰুদ্ধে খাৰুৱাবান্দা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক মহিবুৰ ৰহমান বাপ্পীয়ে। এজাহাৰ দাখিল কৰাৰ পাছতে সাংসদগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠে কংগ্ৰেছী নেতাগৰাকী।

Leave A Reply