Breaking

কংগ্ৰেছ দলে ফটাঢোল বজাইছে। পতান চপালে কংগ্ৰেছ সভাপতি ভূপেন বৰাই…

0 43

আজিৰ দিনটোত একাধিক বিজেপিৰ নেতাই কংগ্ৰেছ দলত যোগদান কৰিব বুলি ঘোষনা কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ধানৰ সলনি পতান চপোৱা বুলি কটাক্ষ কৰে ৰাজ্যিক বিজেপিয়ে। দলটোৰ মুখপাত্ৰদ্বয় পংকজ বৰবৰা আৰু কিশোৰ উপাধ্যায়ে এক প্ৰেছ বিবৃতি যোগে এই মন্তব্য কৰে মুখপাত্ৰদ্বয়ে । ভিত্তিহীন মনেসজা ভুৱা বাতৰি, মিথ্যাচাৰ আৰু চূড়ান্ত অপপ্ৰচাৰত সিদ্ধহস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অতিৰঞ্জিত, ভিত্তিহীন, দাম্ভিকতাপূৰ্ণ বক্তব্যৰে শালীনতাৰ সীমা চেৰাই প্ৰতিপক্ষক আক্ৰমণ কৰা কাৰ্য্য কু-ৰুচিপূৰ্ণ আৰু বাওঁপন্থী নৈৰাজ্যবাদী সদৃশ অপসংস্কৃতিৰ পৰিচায়ক। এক প্ৰেছ বিবৃতিযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এইদৰে তীব্ৰ সমালোচনা কৰি কয় যে প্ৰদেশ কংগ্ৰেছে অসম গণ পৰিষদ দলৰ বহু জ্যেষ্ঠ নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি চলোৱা ভুৱা প্ৰচাৰ বিগত এটা দশকৰ দৰেই অন্তঃসাৰ শূন্য হিচাপে প্ৰমাণিত হ’ল।

পূৰ্বতে বাওঁপন্থী নৈৰাজ্যবাদী একাংশ শিষ্টাচাৰহীন নেতাৰ মুখত এনে বক্তব্য শুনা গৈছিল। ভূপেন বৰাৰ এনে আচৰণ আৰু কটু বাগ্মিতাই গান্ধীজীৰ আদৰ্শক প্ৰতিনিধিত্ব নকৰে বুলিও বিবৃতিত উল্লেখ কৰে। ভূপেন বৰাৰ এনে আচৰণ মহাপুৰুষ গুৰু দুজনাৰ আদৰ্শৰো পৰিপন্থী বুলি উল্লেখ কৰি বাৰবৈষ্ণৱৰ মহা পুণ্যস্থান বিহপুৰীয়াক এটা দশকে প্ৰতিনিধিত্ব কৰা ভূপেন বৰাৰ মুখত মিথ্যাচাৰ তেখেতৰ চূড়ান্ত অধঃপতনৰ পৰিচায়ক বুলিও মন্তব্য কৰে। মুখপাত্ৰদ্বয় পংকজ বৰবৰা আৰু কিশোৰ উপাধ্যায়ে কয় যে প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আজি অনুষ্ঠিত হৈ যোৱা যোগদান অনুষ্ঠান প্ৰহসন তথা ফটাঢোল বজোৱাৰ দৰেহে হল ।

ৰাজ্যিক মুখপাত্ৰ দ্বয়ে কয় , কংগ্ৰেছে বহু দিনৰপৰা জল্পনা-কল্পনাৰ নাটক ৰচনা কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছিল। পূৰ্বতে বাওঁ পন্থী নৈৰাজ্যবাদী একাংশ শিষ্টাচাৰহীন নেতাৰ মুখত এনে অপপ্ৰচাৰ শুনা গৈছিল। প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আজি অনুষ্ঠিত হৈ যোৱা যোগদান অনুষ্ঠান এক প্ৰকাৰে ফটাঢোল বুলিবই পাৰি। যোগদান কাৰ্যসূচীক লৈ ভূপেন বৰাই বহু দিনৰ পৰা ফুটেজ খাই আছিল যদিও আজি যোগদানকাৰী সকলক দেখি অধিকাংশই আচৰিত হৈছে। তেওঁলোক আচলতে ধানৰ অবশিষ্ট পতানসদৃশহে। আমি সকলোৱেই জানো যে পতানৰ পৰা কোনো শস্য উৎপাদন নহয় আৰু ইয়াক কোনো কামতে ব্যৱহাৰ কৰিব নোৱাৰি। এই যোগদানে কংগ্ৰেছৰ সলনি ভাৰতীয় জনতা পাৰ্টিকহে উপকৃত কৰিলে বুলি উল্লেখ কৰি কংগ্ৰেছে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ প্ৰাক্তন সাংসদ, বিধায়ক তথা বিষয়ববীয়াই যোগদান কৰিব বুলি চলোৱা মিছা প্ৰচাৰৰ উদ্যেশ্য আছিল যোগদানকাৰীৰ সংখ্যা বঢ়োৱাহে, কিন্তু সফল নহ’ল।

কংগ্ৰেছে দাবী কৰা মতে প্ৰাক্তন সাংসদ, বিধায়ক তথা বিষয়ববীয়াই যোগদান কৰিব বুলি মিছা প্ৰচাৰ চলালেও কোনো সাংসদ, বিধায়ক তথা বিষয়ববীয়াই যোগদান নকৰিলে। কংগ্ৰেছে যে পদে পদে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ আজিৰ যোগদান অনুস্হানেই জ্বলন্ত উদাহৰণ বুলি বিবৃতিত উল্লেখ কৰি ধুমুহা কংগ্ৰেছতেই আহিব আাৰু এই ধুমুহা তেওঁলোকৰ নেতাসকলেই আনিব, যি ধুমুহাই কংগ্ৰেছৰ বহুখিনি উৰুৱাই লৈ যাব বুলিও তীব্ৰ কটাক্ষ কৰে।

Leave A Reply