Breaking

কৰ’ণা মহামাৰীয়ে দৈন্যতা কঢ়িয়াইছে ৰাজ্যৰ হাজাৰ হাজাৰ মেলাকেন্দ্ৰিক ব্যৱসায়ীলৈ : বিপাঙত ৰাজ্যৰ বহু অভিজাত গ্ৰন্থ প্ৰকাশন গোষ্ঠী ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক ।

0 1,004

নাজিৰা : দেশত কৰণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত দেশজুৰি লকডাউন ঘোষিত হৈ পৰাৰ পৰৱৰ্ত্তী সময়ত দেশৰ অৰ্থব্যৱস্থাত মাধমাৰ পৰাৰ সমান্তৰালকৈ অৰ্থব্যৱস্থাৰ লগত প্ৰত্যক্ষভাৱে জড়িত একাংশ ব্যৱসায়লৈ ঘোৰ অমানিশা নামি আহিছে। দেশত তিনিমাহতকৈও অধিক কাল লকডাউন চলি থকাৰ পাছত শেহতীয়াকৈ চৰকাৰে বহু পৰিমাণে লকডাউন শিথিল কৰি তুলিলেও দেশত বৰ্তমানেও গ্ৰন্থমেলা, থিয়েটাৰ, বাণিজ্য মেলা আদি জনসমাগম হ’ব পৰা ব্যৱসায় সমূহ প্ৰচলনৰ অনুমতি দিব পৰা পৰিৱেশ ঘূৰি নহাৰ হেতু মেলাকেন্দ্ৰিক ব্যৱসায়ীসকলৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকসকল বিপাঙত পৰিছে। এই প্ৰতিবেদকৰ সতে হোৱা বাৰ্তালাপত ৰাজ্যৰ আগশাৰীৰ গ্ৰন্থ প্ৰকাশন গোষ্ঠী কুঞ্জলতা প্ৰকাশনৰ স্বত্বাধিকাৰী নিত্যাৰঞ্জন গোস্বামীয়ে কয় যে ৰাজ্যৰ প্ৰকাশন গোষ্ঠী সমুহৰ গৰিষ্ঠসংখ্যকে গ্ৰন্থমেলাৰ ওপৰত কম বেছি পৰিমানে নিৰ্ভৰশীল। বিগত তিনিমাহতকৈও অধিক কাল লকডাউন হৈ পৰাৰ পাছত পৰৱৰ্তী সময়তো ৰাজ্যত সামাজিক দূৰত্ব বজাই ৰখাৰ প্ৰয়োজনীয়তা আহি পৰাত গ্ৰন্থমেলা কিম্বা বানিজ্য মেলা অনুষ্ঠিত হোৱাৰ আশা নাই। তেনেক্ষেত্ৰত প্ৰকাশন গোষ্ঠীসমূহৰ ব্যৱসায়ত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে। মূলত গ্ৰন্থমেলাৰ ওপৰত নিৰ্ভৰশীল ব্যৱসায়ী সকলৰ অৰ্থনৈতিক দিশটোলৈ অনাগত দিনত অমানিশা নামি অহাৰ সম্ভাৱনীয়তাই ব্যৱসায়ীসকলক উদ্বিগ্ন কৰি তোলা বুলি জানিবলৈ দিয়ে গোস্বামীয়ে। তাৰোপৰি এনে ব্যৱসায়িক মন্দাৱস্থাই প্ৰকাশক সমূহক নতুন গ্ৰন্থ প্ৰকাশ কৰাতো বাধাৰ সৃষ্টি কৰাত অনাগত দিনত ৰাজ্যত বৌদ্ধিক গতিশীলতাতো স্থবিৰতা অনাৰ আশংকা কৰে কুঞ্জলতা প্ৰকাশনৰ স্বত্বাধিকাৰীজনে। আনহাতে সাময়িক পৰিস্থিতিলৈ চাই ৰাজ্যৰ আন এক গুৰুত্বপূৰ্ণ উদ্যোগ হিচাপে চিহ্নিত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকসকলো একপ্ৰকাৰৰ বিপাঙত পৰিছে। প্ৰতিস্থিত ভ্ৰাম্যমান থিয়েটাৰ কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে এই সংবাদদাতাৰ লগত হোৱা এক টেলিফোনিক বাৰ্তালাপত দেশত অচিৰেই সুস্থিৰতা ঘূৰি অহাৰ আশা প্ৰকাশ কৰে যদিও আগন্তুক বৰ্ষৰ নাট্যৰম্ভক লৈ চিন্তিত হৈ পৰা বুলি জানিবলৈ দিয়ে। হেঙুলৰ প্ৰযোজক সংকল্পজিৎ হাজৰিকাই আগন্তুক বৰ্ষৰ বাবে আশাবাদী যদিও মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভ্ৰাম্যমাণ থিয়েটাৰৰ এটা বৰ্ষ ক্ষতিগ্ৰস্ত হৈ পৰিলে পৰবৰ্তী সময়ত কেৱল এই উদ্যোগটোৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যৰ সহস্ৰাধিক শিল্পী কলাকুশলী অনাগত সময়ত ক্ষতিগ্ৰস্ত হোৱাকলৈ উদ্বিগ্নতা প্ৰকাশ কৰে। সুদৰ্শন থিয়েটাৰৰ প্ৰযোজক ক্ষীৰোদ খনিকৰে উদ্বিগ্নতাৰে প্ৰকাশ কৰে যে আগন্তুক বৰ্ষৰ বাবে কৰোণা মহামাৰীয়ে সৃষ্টি কৰা পৰিবেশে চলিত বৰ্ষত ভ্ৰাম্যমাণ উদ্যোগক ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা আছে। তেনে ক্ষেত্ৰত অনাগত সময়ত চৰকাৰী পক্ষৰ হস্তক্ষেপ অবিহনে এই উদ্যোগটোক মসৃণতাৰে আগবঢ়াই নিয়া সম্ভৱ নহ’ব। সাম্প্ৰতিক সময়ত কৰ’না মহামাৰীৰ সতে যুদ্ধ কৰাৰ হেতু সামাজিক দুৰত্ব বজাই ৰখাৰ অতিকে প্ৰয়োজন। তেনেক্ষেত্ৰত সামাজিক দুৰত্ব বজাই ৰখাৰ স্বাৰ্থত একপ্ৰকাৰৰ অনিশ্চয়তাত সোমাই পৰা গ্ৰন্থমেলা, বাণিজ্য মেলা কিম্বা ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে অনুষ্ঠান সমূহৰ সতে জড়িত শিল্পী, কলা কুশলী কিম্বা ব্যৱসায়ী সকলে অনাগত সময়ত চৰকাৰী পক্ষৰ হস্তক্ষেপ কামনা কৰিছে।

Leave A Reply