Breaking

লেতেৰা দুৰ্গন্ধময় নলা পৰিস্কাৰৰ বাবে নিজেই নামিল কাউন্সিলাৰ।

0 1,031

সমাগত নিৰ্বাচন।এজন কাউন্সিলাৰে লেতেৰা দুৰ্গন্ধময় নলা পৰিস্কাৰৰ বাবে নিজেই নামিল কাউন্সিলাৰ।তেওঁৰ সমৰ্থক সকলে দুগ্ধস্নান কৰোৱালে।এই ঘটনা দিল্লীৰ শাস্ত্ৰী পাৰ্কৰ,এটা আৱৰ্জনা ভৰ্তি নলা চাফা কৰিবলৈ নামি পৰিল পূব দিল্লীৰ আপ কাউন্সিলাৰ হাচিব-উল-হাছানক। কাউন্সিলাৰগৰাকীয়ে নলা চাফা কৰাৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কাউন্সিলাগৰাকীয়ে নলাৰ পৰা উঠি অহাৰ পিছত তেওঁক দুগ্ধস্নান কৰোৱাই তেওঁৰ সমৰ্থক সকলে। কাউন্সিলাৰ গৰাকীক দুগ্ধস্নান কৰোৱাই বিজেপি মুৰ্দাবাদ ধ্বনি দিয়ে।খবৰ অনুসৰি স্থানীয় বিজেপি বিধায়ক অনিল কুমাৰ বাজপা আৰু স্থানীয় কাউন্সিলাৰে লেতেৰা, দুৰ্গন্ধময় নলাটো চাফা কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

স্থানীয় ৰাইজে বাৰাম্বাৰ আবেদন কৰাৰ পিছতে বিধায়কগৰাকীয়ে নলাটো পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আপৰ পৰিষদেই নিজে নলা চাফাৰ দায়িত্ব গ্ৰহণ কৰে আৰু আপৰ কাউন্সিলাৰ গৰাকীয়ে নিজে নলা চাফা কৰা কামত নামি পৰে।

Leave A Reply