Breaking

দুভাগত বিভক্ত হ’ল দেশৰ ১২৭ বছৰ পুৰণি গডৰেজৰ ব্যৱসায়…

0 32

দেশৰ বহু ইতিহাসৰ সাক্ষী হৈ ৰোৱা গডৰেজ কোম্পানী ১২৭ বছৰৰ পিছত দুভাগত বিভক্ত হ’ল। গডৰেজে ৰিয়েল এষ্টেটৰ পৰা আৰম্ভ কৰি আন বহু ব্যৱসায়ত জড়িত হৈ আছে। এতিয়া ১২৭ বছৰ পুৰণি গডৰেজ গ্ৰুপৰ ব্যৱসায় এতিয়া দুটা ভাগত বিভক্ত হৈ পৰিল। গডৰেজ পৰিয়ালত এই বিভাজন সন্দৰ্ভত চুক্তি স্বাক্ষৰ কৰাৰ পিছত গোটটোৰ ব্যৱসায় বিভাজন হোৱাৰ কথা ঘোষণা কৰা হৈছে। গোটটোৰ ৫টা কোম্পানী ষ্টক মাৰ্কেটত তালিকাভুক্ত হৈছে আৰু ইয়াৰ ভিতৰত আছে গডৰেজ ইণ্ডাষ্ট্ৰীজ, গডৰেজ কনজিউমাৰ প্ৰডাক্টছ, গডৰেজ প্ৰপাৰ্টিজ, গডৰেজ এগ্ৰ’ভেট আৰু এষ্টেক লাইফ চাইন্সেছ।

এটা শ্বেয়াৰ দিয়া হ’ব ৮২ বছৰীয়া আদি গডৰেজ আৰু তেওঁৰ ৭৩ বছৰীয়া ভাতৃ নাদিৰ গডৰেজক। তালিকাভুক্ত নোহোৱা কোম্পানীসমূহ ৭৫ বছৰীয়া সম্পৰ্কীয় ভাতৃ জামছেদ আৰু তেওঁৰ ভগ্নী ৭৪ বছৰীয়া স্মিতাৰ হাতলৈ গৈছে। জামছেদ আৰু স্মিতাই তালিকাভুক্ত নোহোৱা কোম্পানী গডৰেজ এণ্ড বয়ছৰ মালিকীস্বত্ব লাভ কৰিব। আদিৰ পুত্ৰ পিৰোজশা গডৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ কাৰ্যবাহী উপাধ্যক্ষ হ’ব। ২০২৬ চনৰ আগষ্ট মাহত নাদিৰ গডৰেজৰ ঠাইত অধ্যক্ষ হিচাপে নিযুক্তি দিব পিৰোজশা গডৰেজক। উল্লেখ্য ১৮৯৭ চনত ভাৰতৰ অৰ্থনৈতিক স্বাধীনতা গঢ়াত সহায় কৰিবলৈ গডৰেজ প্ৰতিষ্ঠা কৰা হৈছিল।

Leave A Reply