Breaking

নাজিৰাত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন…

0 1,594

দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসটি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে সফলতাৰে উদযাপন কৰা হয় । স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি নাজিৰা মহকুমা প্ৰশাসনে তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা অনুষ্ঠানৰ প্ৰথম দিনা নাজিৰা নাট্য সমিতিৰ সহযোগত স্থানীয় শিল্পীৰ দ্বাৰা ফণী শৰ্মাৰ কালজয়ী নাট ” চিৰাজ ” আৰু দ্বিতীয় দিনা শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী সকলৰ দ্বাৰা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ ওপৰত আধাৰিত অবিনাশ শৰ্মাৰ নাট্যৰূপ ” ৰজা কথা ” সফলতাৰে মঞ্চায়ণ কৰে।

আজি পুৱা প্ৰভাত ফেৰী ,বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠান , সমূহ চৰকাৰী কাৰ্যালয় আৰু ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ পিছতে গান্ধী ময়দানত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ স্মৃতি সৌধত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ নাগৰিক অৰুণ কোৱৰ আৰু কালি প্ৰসাদ ৰেড্ডীয়ে , গান্ধীজীৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে প্ৰভাত বৰঠাকুৰে । ইয়াৰ পিছতে বিশিষ্ট অতিথি তথা অতিৰিক্ত উপায়ুক্ত তথা সব্যসাচী কাশ্যপে শ্বহীদ তৰ্পণেৰে আৰম্ভ কৰি কেন্দ্ৰীয় ভাৱে জাতীয় পতাকা উত্তোলন কৰে । নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত আয়োজিত স্বাধীনতা দিৱস উদযাপন ক্ষেত্ৰত অসম আৰক্ষী , প্ৰথম অসম আৰক্ষী বাহিনী আৰু কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ – ছাত্ৰীৰ স্কাউট দলে মাৰ্চপাচত অংশগ্ৰহণ কৰে । পতাকা উত্তোলনৰ পিছতে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়।

Leave A Reply