Breaking

শক্তিশালী ৰূপত আছে দেশৰ বায়ুসেনা; আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষাত অতন্দ্ৰ প্ৰহৰী ৰূপত যোৰহাট বায়ু সেনা ষ্টেচন

0 35

দেশৰ সুৰক্ষা তথা শত্ৰুপক্ষক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতীয় বায়ু সেনাই অতীজৰ পৰাই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশ্বৰ বিভিন্ন শক্তিশালী শত্ৰুক সহজতে পৰাভূত কৰিব পৰাকৈ অত্যাধুনিক যুঁজাৰু বিমানৰ লগতে শক্তিশালী অস্ত্ৰ শস্ত্ৰেৰে সু সজ্জিত হৈ আছে ভাৰতীয় বায়ু সেনা। সদাসষ্টম ভাৰতীয় বায়ু সেনাই যিকোনো মুহূৰ্ততে ধূলিস্যাত কৰি দিব পাৰে শত্ৰু পক্ষৰ সপোন।

বিশেষকৈ এছ ইও -৩০, এম কে- আই, চি-১৭, চি-১৩০, চিনুক, ৰাফেল, আপাচি ৰ দৰে শক্তিশালী যুঁজাৰু বিমানৰ লগতে কম আৰু অধিক দূৰত্ব ভেদ কৰিব পৰা অস্ত্ৰৰ সহায়ত এক শক্তিশালী স্থিতিত অৱস্থান কৰিছে ভাৰতীয় বায়ু সেনা।

বিগত বিভিন্ন সময়ত ভাৰতীয় বায়ু সেনাৰ এই যুঁজাৰু বিমান সমূহৰ পৰাক্ৰম বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছে। ভাৰতীয় বায়ুসেনাৰ এই অত্যাধুনিক শক্তি সমূহক প্ৰত্যক্ষ কৰোৱাৰ উদ্দেশ্য আগত লৈ মঙলবাৰে ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ অধীনত বায়ুসেনা ষ্টেচন যোৰহাটত উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় সাংবাদিক সকলক লৈ আয়োজন কৰা হয় এক “মিডিয়া অৰিয়েণ্টেচন কেপচুল”।

যোৰহাটৰ ৰৰৈয়া বায়ুসেনা চাউনিত আয়োজন কৰা এই কাৰ্যসূচীত বিভিন্ন সংবাদমাধ্যমৰ ৩০ গৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে। অনুৰূপ ধৰণে বায়ুসেনা ষ্টেচন মোহনবাৰীতো আয়োজন কৰা হয় এই মিডিয়া অৰিয়েণ্টেচন কেপচুল কাৰ্যসূচী।

কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য আছিল ভাৰতীয় বায়ুসেনাৰ পূব ভাৰতত কাৰ্যকলাপৰ সন্দৰ্ভত এক আভাস প্ৰদান কৰা। কাৰ্যসূচীত ভাৰতীয় বায়ুসেনাৰ ঐতিহাসিক আভাস আৰু যুঁজাৰু বিমান, পৰিবহণ আৰু হেলিকপ্টাৰৰ উৰণ অভিযান, তথা দুৰ্গম স্থানত শত্ৰুক পৰাভূত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বায়ুসেনাৰ বিভিন্ন কাৰ্যকলাপ সন্দৰ্ভত এক আভাস প্ৰদৰ্শন কৰি দেখুৱা হয় বায়ুসেনাৰ কৰ্মী সকলৰ দ্বাৰা।

ইয়াৰ লগতে ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ অধীনত থকা বিভিন্ন বিমান ঘাঁটি সমূহৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে ব্যাখ্যা কৰে বায়ুসেনাৰ শীৰ্ষ বিষয়াই।

লগতে ভাৰতীয় বায়ুসেনাৰ প্লেটফৰ্ম, চেন্সৰ, অস্ত্ৰ শস্ত্ৰ, নেটৱৰ্ক, ৰাডাৰ ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থাকে ধৰি আধুনিক প্ৰযুক্তিৰ বিষয়ে উল্লেখ কৰা হয়। বিশেষকৈ উত্তৰ পূব ভাৰতৰ বিভিন্ন দুৰ্যোগ, সংকট ৰ প্ৰতি সঁহাৰি জনায় মানৱীয় সাহাৰ্য আৰু দুৰ্যোগ সাহাৰ্য অভিযানত ভাৰতীয় বায়ু সেনাৰ ভূমিকা সন্দৰ্ভত উল্লেখ কৰে বায়ুসেনাৰ বিষয়াসকলে।

Leave A Reply