Breaking

গৰু ঈশ্বৰৰ সমতুল্য! গোহত্যা কৰিলে ঈশ্বৰে ক্ষমা নকৰেঃ গুজৰাট উচ্চ ন্যায়ালয়ৰ মন্তব্য…

0 25

গোহত্যাকলৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে গুজৰাট উচ্চ ন্যায়ালয়ে৷ এই দেশত গৰুক দেৱতা হিচাপে পূজা কৰা হয়। সেয়েহে ঈশ্বৰে গৰুক অত্যাচাৰ কৰা বা গোহত্যা কৰাসকলক ক্ষমা নকৰে। এয়া কোনো হিন্দুত্ববাদী নেতাৰ ভাষ্য নহয়। খোদ গুজৰাট উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ এখনে আদালতৰ এটা পুৰণি ৰায়ৰ কথা মনত পেলাই এইবুলি কয় । আদালতে মন্তব্য কৰে, “মানুহৰ সুখৰ বাবে জন্তু হত্যা কৰাটো এক অপৰাধ।’ গুজৰাটৰ ৰাজপথত গৰুৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। দৰাচলতে গুজৰাট, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত গৰুবোৰ বৃদ্ধ হ’লে ৰাজপথত মুকলি কৰি দিয়া হয়। বহুসময়ত এই গৰুবোৰৰ ৰাস্তাতে মৃত্যু ঘটে। বহুসময়ত দুৰ্ঘটনাতো বহু গৰুৰ মৃত্যু হয়। এই বিষয়ত গুজৰাট উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰা হৈছে। ন্যায়াধীশ আশুতোষ শাস্ত্ৰী আৰু হেমন্ত প্ৰচ্ছাৰ বিচাৰপীঠে কয়, “ৰাস্তাত মৃত গৰু পৰি থকাটো উচিত নহয়।’

কেইদিনমান পূৰ্বে গুজৰাটৰ খেদা জিলাৰ ৰাস্তাত এটা গৰুৰ মৃত্যু হৈছিল। ঘটনাটোৰ উদাহৰণ দি খণ্ড বিচাৰপীঠে কয়, “ঈশ্বৰে ইয়াৰ বাবে আমাক ক্ষমা নকৰিব। মানুহৰ ‘সুখ’ৰ বাবে জন্তু হত্যা কৰাটো এটা অপৰাধ। মৃত জন্তু ৰাস্তাত পৰি থকাটো উচিত নহয়।’’ অতীততো গুজৰাট উচ্চ ন্যায়ালয়ে বিষয়টো একে ধৰণে পৰ্যৱেক্ষণ কৰিছিল। বিচাৰপীঠে কয় “আমি আগতে লক্ষ্য কৰিছিলো যে এই দেশত গৰুক দেৱতা হিচাপে পূজা কৰা হয়।

Leave A Reply