Breaking

লাহোৱাল শিক্ষাখণ্ডৰ উদ্যোগত শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ ক্ৰিকেট টুৰ্ণামেণ্ট সম্পন্ন

0 2,058

লাহোৱাল শিক্ষাখণ্ডৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক মণ্ডল ভিত্তিক শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ মাজত প্ৰাইজমাণি টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট আজি চাউলখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়। আঠটা দলে অংশগ্ৰহণ কৰা খেলখনত জয় হৌ ৱাৰিয়ৰ্চে এন চি আৰ একাদশক পৰাজিত কৰি ২০১২১ বৰ্ষৰ চেম্পিয়ন হয়। নিৰ্ধাৰিত ৫ অভাৰত এন চি আৰে ৪৬ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে জয় হৌ ৱাৰিয়ৰ্চে পাঁচটা বল বাকী থকাত নিৰ্ধাৰণ ৰাণ সংগ্ৰহ কৰি ৬ উইকেটত জয়ী হয়।  উল্লেখ্য যে এন চি আৰ একাদশে বিগত বৰ্ষতো ৰাণাৰ্চ আপ খিতাপ অৰ্জন কৰিছিল। মেন অফ দা মেচ আৰু মেন অফ দা চিৰিজ দখল কৰে জয় হৌ ৱাৰিয়ৰ্চ দলৰ ৰাজেশ ত্ৰিপাঠীয়ে। আনহাতে প্ৰথমবাৰৰ বাবে মহিলাসকলৰ মাজতো প্ৰদৰ্শনীমূলক খেল অনুষ্ঠিত হয়। স্পাৰ্কিং গ্ৰীণ দলে কনকলতা দলক পৰাজিত কৰে। মেন অফ দা মেচ ঘোষিত হয় স্পাৰ্কলিং গ্ৰীণৰ মিনাক্ষী বৰা। পুৱা খেলৰ পতাকা উত্তোলন কৰে লাহোৱাল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰিণ্টি দিহিঙ্গীয়াই। আনহাতে খেলৰ শুভাৰম্ভ কৰে ফুলামপুৰ শ্ৰী শ্ৰী শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা চেম্পিয়ন ট্ৰফীৰ দাতা কল্যাণ কুমাৰ গগৈয়ে। বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে চাচাজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চিউ কুমাৰ চাহুৱে। অতিথি হিচাপে অংশ গ্ৰহণ কৰে লাহোৱাল খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰিণ্টি দিহিঙ্গীয়া, মদাৰখাত সীতাৰাম চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা অপৰ্ণা বৰগোঁহাই, জিলা গাণনিক বিষয়া গিয়াছ আলি, ৰাণাৰ্চ আপৰ ট্ৰফী দাতা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী গায়ত্ৰী দেৱী, টিমনা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পূণ্য গোঁহাই দত্তৰ লগতে বিভিন্ন বিদ্যালয়ৰ প্ৰধান সকল।

Leave A Reply