Breaking

আমেৰিকা য়াৰ শ্ব’ৰ চলাৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ দুই বিমানৰ সংঘৰ্ষ…

0 82

মাজ আকাশত দুই বিমানৰ সংঘৰ্ষ । ফলত মাটিত আহি পৰিল দুৰ্ঘটনাগ্ৰস্ত বিমান । ঘটিল বিস্ফোৰণো । আমেৰিকা (US)ত এটা এয়াৰ শ্ব’ৰ চলাৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

ছয়জন লোকৰ মৃত্যুহোৱাৰ আশংকা কৰা হৈছে। তথ্য অনুসৰি ছয়জন বিমানৰ ক্ৰু সদস্য । সংঘৰ্ষৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

দুই বিমান পাইলটৰ খবৰ এতিয়াও জানিবলৈ পোৱা হোৱা নাই । প্ৰকৃততে কি ঘটিছিল? টেক্সাছৰ ডালাছ কাৰ্যবাহী বিমানবন্দৰত এটা এয়াৰ শ্ব’ চলি আছিল । হঠাতে, এখন সৰু বিমান উৰণীয়া বোয়িং বি-১৭ বোমাৰু বিমানৰ ওচৰলৈ অহা দেখা যায়।

পৰিস্থিতি এনেকুৱা হৈ পৰিছিল যে কোনো চালকৰ বাবে  এৰাই চলাটো সম্ভৱ নহয়। দেখা গৈছে যে সৰু বিমানখন তললৈ পৰি গৈছে । বোয়িং বিমানখনো জ্বলন্ত অৱস্থাত দূৰলৈ গৈ চিটিকি পৰে । এটা ভয়ংকৰ বিস্ফোৰণ হয় । দুৰ্ঘটনাটোৰ বিৱৰণ এতিয়াও কৰ্তৃপক্ষই প্ৰকাশ কৰা নাই।

ডালাছৰ মেয়ৰ এৰিক জনছনে টুইটাৰত পোষ্ট কৰিছে , ” আপোনালোকে সকলোৱে দেখিছে যে আমাৰ চহৰত এটা এয়াৰ শ্ব’ৰ সময়ত কি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে । এতিয়ালৈকে আমাৰ ওচৰত বিস্তাৰিত বিৱৰণ আহি পৰা নাই। ”

তথ্য অনুসৰি বোয়িং বিমানখনৰ এক ঐতিহাসিক গুৰুত্ব আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত, এই বিমানখনে জাৰ্মানীৰ স’তে যুদ্ধত জয়ী হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । পৰৱৰ্তী সময়ত, এনে বোমাৰু বিমান বৃহৎ পৰিমাণত নিৰ্মাণ কৰা হৈছে। আনখন বিমান, অৰ্থাৎ পি-৬৩ কিংকোব্ৰা ৰাষ্ট্ৰীয় বিমান, দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে আত্মপ্ৰকাশ কৰিছিল।

Leave A Reply