Breaking

মহাভাৰতৰ ‘শকুনি মামা’ৰ মৃত্যু। হাৰ্ট এটেকত মৃত্যু অভিনেতা গুফী পেইণ্টালৰ…

0 146

গুফী পেইণ্টলৰ শেষ নিশ্বাস ত্যাগ।মুম্বাইৰ এখন চিকিৎসালয়ত আজি দেহাৱসান ঘটে প্ৰবীণ অভিনেতা গুফী পেইন্টালৰ। যোৱা ১০ দিন ধৰি জীৱন-মৃত্যুৰ সৈতে যুঁজি আছিল তেওঁ। ইজনৰ পিছত সিজনকৈ বহু চেলিব্ৰিটিৰ মৃত্যুৱে সকলোকে আচৰিত কৰি তুলিছে। প্ৰবীণ অভিনেত্ৰী সুলোচনা লটকাৰৰ মৃত্যুৰ খবৰ দেওবাৰে আহিছিল। আনহাতে আজি মহাভাৰতত ‘শকুনি মামা’ৰ চৰিত্ৰত অভিনয় কৰি বিখ্যাত হোৱা প্ৰবীণ অভিনেতা গুফী পেন্টালৰ মৃত্যুৰ খবৰ। মুম্বাইৰ এখন চিকিৎসালয়ত গুফীৰ মৃত্যু হয়। বয়সৰ লগত জড়িত বহু ৰোগত আক্ৰান্ত গুফী পেন্টালৰ আজি পুৱা প্ৰায় ৯ বজাত হাৰ্ট এটেকত মৃত্যু হয়।

যোৱা ১০ দিন ধৰি জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা গুফী পেইণ্টাল চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল। কিন্তু দুদিনৰ পৰা তেওঁৰ স্বাস্থ্যৰ বহু উন্নতি দেখিবলৈ পোৱা গৈছিল আৰু এনে পৰিস্থিতিত তেওঁৰ পৰিয়ালৰ লোকসকল আশাবাদী হৈ পৰিছিল যে তেওঁ অতি সোনকালে সুস্থ হৈ ঘৰলৈ যাব। কিন্তু আজি তেওঁ জীৱন যুদ্ধত পৰাস্ত হ’ল। আজি বিয়লি প্ৰায় ৪ বজাত ওশিৱাৰা শ্মশানত তেওঁৰ অন্তিম ৰীতি-নীতি সম্পন্ন কৰা হ’ব।

গুফী পেইণ্টলে কেৰিয়াৰত বহু টিভি ধাৰাবাহিক আৰু ছবিত কাম কৰিছিল। ১৯৭৫ চনৰ ‘ৰাফু চক্কাৰ’ ছবিৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। কিন্তু বি আৰ চোপ্ৰাৰ ধাৰাবাহিক ‘মহাভাৰত’ত শকুনি মামাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰে।

Leave A Reply