Breaking

বিসম্বাদ আৰম্ভ! কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পদ গ্ৰহণ কৰিবলৈ অস্বীকাৰ অজিত পাৱাৰ নেতৃত্বাধীন এন চি পি গোটৰ…

0 35

মন্ত্ৰীৰ দপ্তৰ বিতৰণৰ পূৰ্বেই মোদী ৩.০ মন্ত্ৰীসভাত বিসম্বাদে গা কৰি উঠাৰ উকমুকনিয়ে দেখা দিছে। মোদীয়ে দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে। মোদীৰ সৈতে আন ৭২ গৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিলে। কিন্তু শপতগ্ৰহণৰ পিছতে আৰম্ভ হৈছে মন্ত্ৰিত্বকলৈ বিসম্বাদ। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনাক নতুন মন্ত্ৰী পৰিষদত মন্ত্ৰিত্বৰ দিয়াৰ বিপৰীতে এনচিপিৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ ফৈদে ভবা ধৰণে লাভাৱান্বিত নোহোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে।

সেয়ে এনচিপিৰ অজিত পাৱাৰৰ ফৈদে ৰাজ্যিক মন্ত্ৰী পদৰ প্ৰস্তাৱ নাকচ কৰিছে। মহাৰাষ্ট্ৰৰ বিজেপি নেতা তথা উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱিছে পাৱাৰ আৰু এনচিপিৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল পেটেল তথা সুনীল তাটকাৰেক সৈ সাক্ষাৎ কৰে। এই সাক্ষাতৰ পিছতে ফাডনৱিছে সাংবাদিকক কয় যে বিজেপিয়ে এনচিপিক এটা ৰাজ্যিক মন্ত্ৰীৰ পদ দিছে। কিন্তু এনচিপিয়ে কেবিনেট পদ বিচাৰিছে। পাৱাৰৰ ফৈদে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা চাৰিখন আসনৰ ভিতৰত মাত্ৰ এখন আসনত জয়ী হোৱাৰ বিপৰীতে সিন্দেৰ শিৱসেনাই ১৫খন আসনৰ ভিতৰত ৭খন আসনত জয়ী হ’বলৈ সক্ষম হৈছে।এনচিপিয়ে ৰাজ্যিক মন্ত্ৰীৰ পৰিৱৰ্তে কেবিনেট মন্ত্ৰীহে বিচাৰিছে।

Leave A Reply