Breaking

অবিভক্ত দৰংজিলা কলিতা জনগোষ্ঠীৰ সন্মিলন খটৰা শাখাৰ ডেকাপাৰা অধিবেশনৰ সামৰণি

0 162

অবিভক্ত দৰংজিলা কলিতা জনগোষ্ঠী সন্মিলন,খটৰা শাখাৰ ১০৪ সংখ্যক ডেকাপাৰা অধিবেশন দুদিনীয়া কাৰ্যসূচীৰে ১৫০বছৰীয়া শ্ৰীশ্ৰীবাসুদেৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয়।বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা ভিন্নকাৰ্যসূচীৰ অন্যতম মুকলি সভাৰ শুভউদ্বোধন কৰে ৰঙিয়া উন্নয়ণ খণ্ডৰ কনিষ্ঠ অভিযন্ত্ৰা বীৰেন কলিতাই।

অবিভক্ত কলিতা জনগোষ্ঠী সন্মিলন,খটৰা শাখাৰ সভাপতি আদিত চন্দ্ৰ বৰুৱাই সভাপতিত্ব কৰে৷ লোকেলোকাৰণ্য হৈ পৰা মুকলি সভাত গুৱাহাটি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ধ্ৰুৱজ্যোতি চহৰীয়া,অসম চৰকাৰৰ প্ৰাক্তন ৰাজহ মন্ত্ৰী ড° জয়নাথ শৰ্মা,ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী,অবিভক্ত দৰংজিলা কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি লোহিত চন্দ্ৰ কলিতা, সম্পাদক অজিত কুমাৰ ডেকা,অগপ,দৰংজিলা সমিতিৰ সভাপতি কমলেশ্বৰ বৰুৱাসহ ভালেমান বিশিষ্টব্যক্তিয়ে অংশগ্ৰহন কৰে।

তপন ডেকাই আঁতধৰা বাপাৰাম কলিতা সোৱৰণী ক্ষেত্ৰত অনুষ্ঠিত মুকলি সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়ালৈ গীত,মাত বাৰেৰহনীয়া সাংষ্কৃতিক সন্ধিয়া আৰু বিশিষ্ট শিল্পী বৰ্ণালী কলিতাৰ গীতৰ শৰাইৰে অধিবেশনৰ সামৰণি পৰিব।

Leave A Reply