Breaking

জৰাজীৰ্ণ বাট-পথে জীয়াতু ভূগাইছে মাৰ্ঘেৰিটাৰ মুলাং গাওঁবাসীক

0 2,028

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভাৰ শামুকজান গাওঁ পঞ্চায়তৰ অন্তৰ্গত দুই নং মুলাং গাওঁবাসীয়ে জৰাৰ্জীণ বাট-পথৰ বাবে স্বাধীনতা লাভৰ অত বছৰৰ পিছতো যমৰ যাতনা ভুঞ্জিব লগা হৈছে। স্বাধীনতা লাভৰ ৭৫ বছৰৰ পিছতো গাওঁখনত যাতায়তৰ বাবে নাই কোনো সুচল পথ। বুঢ়ীদিহিং আৰু মানমৌ জান নদীয়ে আগুৰি থকা গাওঁখনত পকী পথটো দুৰৰে কথা গাওঁখনৰ মূল পথটোতে আজিলৈকে এচপৰা শিলগুটিও নপৰিল বুলি ৰাইজে জানিবলৈ দিছে। গাওঁখন সৰ্ব দিশতে শোষিত অৱহেলিত হৈ আহিছে। গাওঁখনৰ লোকসকলে কাষতে লাগি থকা কেটেতং গাওঁ পঞ্চায়তৰ অধীনস্থ বজাৰ , স্কুল আদিলৈ আহিব লগা হোৱাৰ ওপৰিও চিকিৎসা আদি বাবেও বাৱে  কেটেতঙলৈ আহিব লগা হয়| কিন্তু মুলাং -কেটেতং সংযোগি পথটো অৱস্থাও অতি  পুতৌলগা। নেদেখিলে বিশ্বাস নহব যে স্বাধীনতা ৭৫ বছৰৰ পাছতো এনে এখন গাওঁ থাকিব পাৰে। যিখন গাঁৱৰ ৰাইজে  পকী বাট-পথৰ কথাটো বাদেও  শিল গুটি পৰা পথ এটা পাৱলৈও আজিলৈকে  সক্ষম হোৱা নাই।বিগত কংগ্ৰেছ চৰকাৰে গাওঁখনৰ কোনো উন্নয়ন সাধন নকৰা পৰিপ্ৰেক্ষিতত তথা বিজেপিৰ পৰিৱৰ্তনৰ শ্লোগানৰ প্ৰতি ভূলগৈ বিজেপিৰ দলৰ সপক্ষে ভোটদান কৰিছিল। অঞ্চল বাসীয়ে বহু আশা কৰিছিল যে কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শোষণ আৰু বঞ্চনাৰ পৰা মুক্ত হ ব। বিজেপিৰ নেতৃত্বাধীন চৰকাৰে গ্ৰাম্য অঞ্চলসমূহলৈ আমূল পৰিৱৰ্তন আনিব। কিন্তু সকলোবোৰ ফুটুকাৰ ফেন হৈ পৰিল। বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে পাঁচটা বছৰ অতিক্ৰম কৰি দ্বিতীয়টো কাৰ্যকালৰ বাবে শাসনৰ ভাৰ গ্ৰহণ কৰিলে যদিও গাঁৱৰ সমস্যা সমাধানৰ বাবে কোনো প্ৰদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। গাওঁবাসীৰ  বহু আৱেদন নিৱেদনৰ পিছতো  বিভাৰ্গীয় কৰ্তৃপক্ষ কিম্বা স্থানীয় জনপ্ৰতিনিধিয়েও গাওঁবাসীৰ  আৱেদনক কোনো গুৰুতৰ প্ৰদান নকৰা অভিযোগ গাওঁবাসীৰ। ফলত গাওঁবাসীয়ে এক প্ৰকাৰৰ যমৰ-যাতনা ভোগ  কৰিব লগীয়া হৈছে| লিডু শামুকজান গাওঁ  পঞ্চায়তৰ  অন্তৰ্গত গাওঁখনে পঞ্চায়খনৰ পৰাও আজিলৈকে কোনোধৰণৰ উন্নয়ণমূলক আচনি লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি গাওঁবাসীয়ে জানিবলৈ দিছে ।গাওঁবাসী কাতৰ আহ্বান স্থানীয় বিধায়ক জনপ্ৰতিনিধি ভাস্কৰ শৰ্মালৈ অতি শীৰ্ঘ্ৰে গাওঁখনৰ মূল পথটো পকীকৰণ কৰি গাওঁবাসীয়ে দীৰ্ঘদিনে ভোগ কৰি অহা যমৰ যাতনাৰ পৰা মুক্ত কৰাৰ। গাওঁবাসীৰ এই কাতৰ আহ্বানক বিধায়ক ভাস্কৰ শৰ্মাই কেনেদৰে গুৰুত্ব প্ৰদান কৰে সেইয়া পৰৱৰ্ত্তী সময়তহে জানিব পৰা যাব। 

Leave A Reply