Breaking

বিচাগাওঁ-মধুপুৰ সংযোগী পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক।

0 2,012

মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ কুমচাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত এটা পথ। বিচাগাওঁ-মধুপুৰ সংযোগী উক্ত পথটোৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। উক্ত পথটো ব্যৱহাৰ কৰি আহিছে চাৰিখনকৈ গাওঁ ক্ৰমে বিচাগাওঁ, মধুপুৰ, অমৃত গাওঁ আৰু টকলং বাসী ৰাইজে। বৰ্তমানৰ এই কাতি মহীয়া এজাক বৰষুণতেই পথটোৰ যি দুৰৱস্থা ভৰ বাৰিষাত পথটোৱে কেনে ৰূপ ধাৰণ কৰে সেইয়া সহজেই অনুমেয়। চাৰিখনকৈ ৰাজহ গাঁৱৰ একমাত্ৰ যোগাযোগৰ মাধ্যম উক্ত পথটো স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰী, বেমাৰী, গৰ্ভৱতী মহিলা চিকিৎসালয়লৈ অনা নিয়া, খেতিয়কৰ উৎপাদিত সামগ্ৰী বজাৰলৈ নিয়া ইত্যাদি সকলো ধৰণৰ কাম কাজত ব্যৱহৃত হৈ আহিছে। পথটোৰ বৰ্তমানৰ জৰাজীৰ্ণ অৱস্থাই যোগাযোগৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজৰ বাবে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰাত ক্ষুণ্ণ হৈ পৰিছে চাৰিখনকৈ গাঁৱৰ ৰাইজ তথা দল সংগঠন। আজি পুৱাৰ ভাগত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ নেতৃত্বত স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু চাৰিখনকৈ গাঁৱৰ ৰাইজৰ সহযোগত উক্ত পথটো নিৰ্মাণৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায়। প্ৰতিবাদ কালত অভিনৱ ভাৱে বোকাময় পথটোৰ ওপৰত হাল গৰু,নাঙল লৈ ভূঁই ৰুই বিধায়ক ভাস্কৰ শৰ্মা হাই হাই, ভাস্কৰ শৰ্মা মূর্দাবাদ, অসম চৰকাৰ হাই হাই আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদ স্থলীৰ পৰা আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি জাৰ্নেল মিঞ্জে জানিবলৈ দিয়া অনুসৰি বিগত ২০১১ চনৰ বিধান সভা নিৰ্বাচনৰ সময়তেই নিৰ্বাচনত জয়ী হলে ছমাহৰ ভিতৰত উক্ত পথটো নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মাই।কিন্তু দুৰ্ভাগ্যজনক ছমাহ বাদেই দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতো আজি পৰ্যন্ত উক্ত পথটো নিৰ্মাণৰ ক্ষেত্ৰত বিধায়ক ভাস্কৰ শৰ্মাই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুণ্ণ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজৰ লগতে দল সংগঠন। প্ৰতিবাদ স্থলীৰ পৰাই বিধায়ক ভাস্কৰ শৰ্মাক মিছা প্ৰতিশ্ৰুতিৰে ভোট আদায় কৰা বাদ দি গাঁৱৰ ৰাইজৰ সমস্যা সমূহ সমাধান কৰিবলৈ চেষ্টা কৰাৰ লগতে বিচাগাওঁ মধুপুৰ সংযোগী পথটো অতি সোনকালে নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে অন্যথা অনাগত দিনত চাৰিখনকৈ গাঁৱৰ ৰাইজ আৰু দল সংগঠন লগ লাগি বিধায়ক জনৰ ঘৰ ঘেৰাও কৰাৰো হুংকাৰ প্ৰদান কৰে।

Leave A Reply