Breaking

যিখন জিলাত তেল, কয়লা আৰু চাহৰ বাবে উন্নতিৰ শিখৰত উপনীত হৈছিল, এতিয়া তাৰ পূৰ্বৰ গৌৰৱময় দিনবোৰৰ অন্ত পৰিল!

0 46

কভিড  অতিমাৰীৰ পৰিপ্ৰেক্ষিতত উত্তৰ – পূব সীমান্ত ৰেলৰ মাকুম -ডাঙৰী শাখাত বন্ধ হৈ থকা ‘ডেমু’ ৰেলখনৰ চলাচল অনতিপলমে আৰম্ভ কৰাৰ লগতে অন্যান্য যাত্ৰী-সেৱা বৃদ্ধি কৰাৰ আহ্বান জনাইছে ‘মাকুম-ছৈখোৱা ৰেলপথ সুৰক্ষা সমিতি’য়ে। ‌সমিতিৰ সম্পাদক ধীৰেন ডেকাৰ নেতৃত্বত যোৱা এটা চাৰিজনীয়া প্ৰতিনিধিৰ দলে বুধবাৰে তিনিচুকীয়া সংমণ্ডলৰ প্ৰৱন্ধক বিজয় কুমাৰ মিশ্ৰক সাক্ষাৎ কৰি সেই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে তেখেতৰ কাৰ্য্যালয় কক্ষত এক সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত ইয়াৰ বিভিন্ন দিশ সম্পৰ্কে প্ৰায় দুঘণ্টা সময় আলোচনাত মিলিত হয়।

 সমিতিয়ে যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ‘ডেমু’ ৰেলখনৰ চলাচল ডাঙৰীৰপৰা পুৱাৰ ভাগত আৰম্ভ কৰিবলৈ তথা চিকিৎসা, শিক্ষা সংক্ৰান্তীয় অথবা অন্যান্য কাম-কাজৰ বাবে ডিব্ৰুগড়লৈ যাব খোজা যাত্ৰীৰ সুচলাৰ্থে ইয়াৰ ওভতনি যাত্ৰা ডিব্ৰুগড়লৈ সম্প্ৰসাৰণ কৰিবলৈ অন্যথা, তাৰ বিকল্প স্বৰূপে, লিডু-ডিব্ৰুগড় অভিমুখী ‘ডেমু’ ৰেলখনৰ লগত তিনিচুকীয়া জংচনৰ পৰা ইয়াৰ সময়-সূচীৰ সংযোগ স্থাপন কৰিবলৈ আহ্বান জনায়।    

সমিতিয়ে ১৮৮১ চনতে অসম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে নিৰ্মাণ কৰা অসমৰ সৰ্বপ্ৰথম ৰেলপথ ডিব্ৰু-শদিয়া ৰেলৰ উল্লেখযোগ্য একাংশ মাকুম-ডাঙৰী শাখা ৰেলপথছোৱা যে ভাৰতীয় ৰেলৰ মানচিত্ৰত ‘ঐতিহ্য ৰেলপথ’ ৰূপে স্বীকৃতি পোৱাৰ যোগ্য, সেই কথা উল্লেখ কৰাৰ লগতে সমিতিৰ দাবীৰ পৰিপ্ৰেক্ষিতত ২০১২ চনৰ ৰেল বাজেটত ৫.৬৮৩ কিলোমিটাৰ দূৰত্বতৰ ছৈখোৱালৈ ইয়াৰ সম্প্ৰসাৰণৰ প্ৰস্তাৱটো আজিকোপতি কাৰ্যকৰী নকৰাত শদিয়া মহকুমাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ ছৈখোৱাবাসী ৰাইজক স্বাধীনতা লাভৰ ৭৫ বছৰ পাছতো ৰেল-সেৱাৰপৰা বঞ্চিত কৰা হৈছে বুলি স্মাৰক পত্ৰখনত উল্লেখ কৰা হয়।

অন্যহাতে,  কেন্দ্ৰীয় চৰকাৰৰ ব্ৰহ্মপুত্ৰ নদীয়েদি অন্তৰ্দেশীয় ২নং জলপথৰ সীমামূৰীয়া গুৰুত্বপূৰ্ণ জাহাজঘাট তথা বৃটিছ শাসনৰ দিনৰপৰা বনজ সম্পদ আৰু চাহ উৎপাদনৰ ব্যৱসায়িক কেন্দ্ৰ ৰূপে পৰিচিত ছৈখোৱা সম্প্ৰতি সুধাকণ্ঠ ভূপেন হাজৰিকা সেতু(ধলা – শদিয়া দলং) নিৰ্মাণৰ পাছত কাষৰীয়া অৰুণাচল প্ৰদেশৰ লগত ইয়াৰ বাণিজ্যিক সম্পৰ্ক বহু গুণে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ছৈখোৱালৈ এই ৰেলপথৰ সম্প্ৰসাৰণ নকৰিলে  ৰেল বিভাগে যে আয়ৰ মুখ দেখিবলৈ সক্ষম নহব, সেই বিষয়ে সকীয়াই দিয়া হয়।   

সমিতিয়ে মাকুম -ডাঙৰী শাখা ৰেলপথটোৰ উপযোগিতা বঢ়োৱাৰ স্বাৰ্থত যোৰহাট -তিনিচুকীয়াৰ মাজত চলাচল কৰা যাত্ৰীবাহী ৰেলখন (৫৫৯১৩ আপ /৫৫৯১৪ ডাউন) ডাঙৰীলৈ সম্প্ৰসাৰণ কৰিব লাগে বুলি দাবী উত্থাপন কৰাত সংমণ্ডল ৰেল প্ৰৱন্ধক গৰাকীয়ে সেই বিষয়ে বিবেচনা কৰি চোৱাৰ আশ্বাস প্ৰদান কৰে। সমিতিয়ে তিনিচুকীয়াৰ এক স্বাৰ্থজড়িত মহলে  ডিব্ৰুগড় -ডাঙৰীৰ মাজৰ ৰেলপথটো তিনিচুকীয়া চহৰৰপৰা স্থানান্তৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰাৰ সন্দৰ্ভত প্ৰৱন্ধক গৰাকীক প্ৰশ্ন কৰাত তেখেতে কয় যে,  মমতা বেনাৰ্জী ৰেল মন্ত্ৰী থাকোঁতে ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰি ইয়াৰ এক জৰীপ কাৰ্য্যৰ আদেশ উলিওৱা হৈছিল যদিও কোনো প্ৰকল্পৰ বিভিন্ন দিশৰ উপযোগিতা সমূহ বিবেচনা কৰিহে ৰেলৱে ব’ৰ্ডে সাধাৰণতে তাক কাৰ্য্যকৰী কৰে। ইফালে ৰেল চলাচলৰ সময়ৰ উন্নতি সাধনৰ অৰ্থে যাতায়তৰ বিশেষ ভীৰ নথকা অপ্ৰয়োজনীয় লেভেল ক্ৰচিঙসমূহ হ্ৰাস কৰা তথা বৰহাপজান, হাঁহচৰা, ডুমডুমা, ৰূপাই চাইডিং, তালাপ অঞ্চলত হোৱা ৰেল বিভাগৰ মাটিৰ বেদখল  উচ্ছেদ কৰাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰাত প্ৰৱন্ধক গৰাকীয়ে জিলা প্ৰশাসনৰ সহায়ৰ প্ৰয়োজনীয়তাৰ কথা কয়। লগতে মাত্ৰ পঞ্চাশ বা এশ গজ দূৰত্বত ইয়াৰ মানুহে ৰেল পথৰ ওপৰে আহ-যাহ কৰা বিষয়টোত তেখেতে আশ্বৰ্য্য প্ৰকাশ কৰে। পিছে ইতিপূৰ্বে  বিভাগীয় কৰ্মচাৰীয়ে উৰ্দ্ধতন মহলৰ দৃষ্টি আকৰ্ষণ কৰা সত্ত্বেও যে কোনো অজ্ঞাত কাৰণত কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰা সচৰাচৰ দেখা নাযায়, সেই বিষয়ে স্মাৰক পত্ৰখনত দৃষ্টি আকৰ্ষণ কৰা হয়।  

প্ৰৱন্ধক গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে, প্ৰাক-স্বাধীন কালত ৰেল ব্যৱস্থা প্ৰবৰ্তন হোৱাৰ ফলত যিখন জিলা তেল, কয়লা আৰু চাহৰ বাবে উন্নতিৰ শিখৰত উপনীত হৈছিল, এতিয়া তাৰ পূৰ্বৰ গৌৰৱময় দিনবোৰৰ অন্ত পৰিল!

Leave A Reply