Breaking

চালকে ম’বাইল ফোনত ক্ৰিকেট খেল উপভোগ কৰি থকাই হৈছিল কাল ! অন্ধ্ৰ প্ৰদেশৰ ৰে’ল দুৰ্ঘটনাৰ কাৰণ বাখ্যা কৰিলে ৰে’ল মন্ত্ৰীয়ে…

0 77

চালকে ম’বাইল ফোনত ক্ৰিকেট খেল উপভোগ কৰি থকাই হৈছিল কাল! অন্ধ্ৰ প্ৰদেশৰ ৰে’ল দুৰ্ঘটনাৰ কাৰণ বাখ্যা কৰিলে ৰে’ল মন্ত্ৰীয়ে

২০২৩ চনৰ ২৯ অক্টোবৰত অন্ধ্ৰপ্ৰদেশত দুখন যাত্ৰীবাহী ৰে’লৰ মুখামুখি সংঘৰ্ষত ১৪ গৰাকী যাত্ৰীৰ মৃত্যু ঘটিছিল । ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দুৰ্ঘটনাটোৰ কাৰণ অৱশেষত নিশ্চিত কৰিছে।

ৰ’ল মন্ত্ৰীগৰাকীয়ে কয় যে ৰে’ল এখনৰ চালক আৰু তেওঁৰ সহকাৰীয়ে মোবাইল ফোনত এখনত ক্ৰিকেট খেল চোৱাত মগ্ন হৈ আছিল। সেইবাবেই উক্ত মাৰাত্মক দুৰ্ঘটনাটো সংঘটিত হৈছিল।

অক্টোবৰত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ৰে’লখন বিশাখাপত্তনমৰ পৰা ৰায়গদালৈ গৈ আছিল। সেয়া এখন যাত্ৰীবাহী ৰে’ল আছিল। আনখন ৰে’ল এক্সপ্ৰেছ আছিল । পলাচা এক্সপ্ৰেছ নামৰ ৰে’লখন বিশাখাপত্তনমলৈ গৈ আছিল।

\

ৰে’ল মন্ত্ৰীয়ে লগতে কয় যে এতিয়া এটা এনে প্ৰণালী স্থাপন কৰা হৈছে যাৰ দ্বাৰা চালকক নিৰীক্ষণ কৰিব পাৰি। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেন্দ্ৰই ৰে’ল দুৰ্ঘটনা প্ৰতিহত কৰিবলৈবিভিন্ন ব্যৱস্থা হাতত লৈছে। তেওঁ কয় যে প্ৰতিটো দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান কৰা হৈছে আৰু প্ৰতিটো ক্ষেত্ৰতে সমাধানৰ বিষয়ে চিন্তা কৰা হৈছে।

Leave A Reply