Breaking

শিক্ষা বিভাগৰ অধীনত ৩১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান শিক্ষামন্ত্ৰীৰ

0 100

শনিবাৰে শিক্ষা বিভাগৰ অধীনত ৩১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

প্রাথমিক শিক্ষা বিভাগত ২৪১ গৰাকী দিব্যাংগ প্রার্থী, উচ্চ শিক্ষা বিভাগৰ অধীনত সহকাৰী অধ্যাপক আৰু অন্যান্য পদত ২৭ গৰাকী আৰু SCERTৰ বিভিন্ন পদত ৫০ গৰাকীক নিযুক্তি প্ৰদান কৰে।

উল্লেখ্য যে শিক্ষা বিভাগৰ অধীনত ২০২১ চনৰ মে’ মাহৰ পৰা এই পৰ্যন্ত ৩০,৮৫৩টা নিযুক্তি সম্পূৰ্ণ হৈছে।

অনুষ্ঠানত ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননী গোপাল মহন্ত আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply