Breaking

বৌদ্ধিক আন্দোলনেৰে আত্মনিৰ্ভৰশীল অসম গঢ়াৰ প্ৰয়াস ‘দৈনন্দিন বাৰ্তা’ গোষ্ঠীৰ; এই যাত্ৰাৰে মঙলদৈত নৱ প্ৰজন্মৰ লেখক-লেখিকাক উলিয়াই অনাৰ পদক্ষেপ: শংকৰ গোহাঞি 

0 75

 
অসমৰ সংবাদ জগতৰ লগতে বৌদ্ধিক সমাজত এটা চিনাকি নাম ‘দৈনন্দিন বাৰ্তা’। ত্ৰয়োদশ বৰ্ষত খোজ দিয়া  কাকত গোষ্ঠীয়ে ৰাইজৰ পক্ষত থাকি এক নিৰ্ভীক, নিৰপেক্ষ আৰু সততাৰে  খোজ দি এক আত্মনিৰ্ভৰশীল অসম গঢ়াৰ প্ৰয়াস চলাই আহিছে।যাৰ অংশ হিচাপে ‘দৈনন্দিন বাৰ্তা’ৰ কাকত গোষ্ঠীয়ে অসমৰ প্ৰতিখন জিলাতে এক বৌদ্ধিক আন্দোলনেৰে এখন আত্মনিৰ্ভৰশীল অসম গঢ়াৰ প্ৰয়াসেৰে কাৰ্যসূচী গ্ৰহন কৰিছে।২৯ জানুৱাৰীত মঙলদৈ প্ৰেছ ক্লাৱত আবেলি ৩ বজাত কাকতখনৰ জিলা সদস্য সকলৰ নিমন্ত্ৰণত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৌদ্ধিক কচৰৎ তথা মত-বিনিময় অনুষ্ঠান।কাকত গোষ্ঠীৰ দৰঙৰ দ্বীপেন ডেকা,অজয় ডেকা,আবুল আছেম,দিবাকৰ বৰুৱা,দেৱব্ৰত গোস্বামীৰ নেতৃত্বত অনুষ্ঠিত হোৱা সভাত দৈনন্দিন বাৰ্তাৰ সম্পাদক শংকৰ গোহাঞি , জনকল্যাণ কাকতৰ স্বত্বাধিকাৰী কুমুদ দাস, ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপ্ত শশাংক হাজৰিকা, মঙলদৈ প্ৰেছ ক্লাৱৰ সম্পাদক লক্ষ্মনন্দন কলিতা, দৈনন্দিন বাৰ্তাৰ কলম লিখক মুনিন্দ্ৰ বৈশ্যক কাকতখন জিলা সদস্য সকলৰ ফালৰ পৰা  উষ্ণ সম্বৰ্ধনা জনোৱা হয়।

দৈনন্দিন বাৰ্তা’ৰ সম্পাদক শংকৰ গোহাঞিয়ে সঞ্চালনা কৰা অনুষ্ঠানত কাকতখনৰ জিলাখনৰ প্ৰত্যক গৰাকী  সদস্যই কাকতখনৰ ওপৰত তেওঁলোকৰ মনৰ ভাব সমূহ কাকত গোষ্ঠীৰ কৰ্মকৰ্তা সকলৰ  লগত মত-বিনিময় কৰে। আনহাতে ‘দৈনন্দিন বাৰ্তা’ৰ সম্পাদক শংকৰ গোঁসাইয়ে কাকতখনৰ গোষ্ঠীৰ লক্ষ্য আৰু উদ্দেশ্যে সন্দৰ্ভত উপস্থিত সকলৰ আগত ব্যক্ত কৰি সম্পাদক গৰাকীয়ে অসমৰ জিলাই জিলাই বৌদ্ধিক আন্দোলনেৰে আত্মনিৰ্ভৰশীল অসম গঢ়াৰ বাবে কাকত গোষ্ঠীটোৱে এক কাৰ্যসূচী গ্ৰহন কৰা বুলি প্ৰকাশ কৰে। সম্পাদক গৰাকীয়ে দৰং জিলাতো এনে বৌদ্ধিক আন্দোলনৰ সৃষ্টি কৰি নতুন লেখক -লেখিকাক উলিয়াই আনিব পৰা যাব বুলি আশা প্ৰকাশ কৰি সকলোৰে সহযোগিতা কামনা কৰে।

দ্বীপেন ডেকাই আঁতধৰা  অনুষ্ঠানত দৈনন্দিন বাৰ্তাৰ কলম লিখক মুনিন্দ্ৰ বৈশ্যক কাকত গোষ্ঠীৰ হৈ সম্পাদক শংকৰ গোহাঞিয়ে উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে।লিখক মুনিন্দ্ৰ বৈশ্যই অনুষ্ঠানত কাকতখনৰ পুৰণি স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰাৰ লগতে অসমৰ গাঁৱে-ভূঁৱে কাকতখনৰ পঢ়ুৱৈ সৃষ্টি কৰি সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰিবলৈ দৈনন্দিন বাৰ্তাৰ সম্পাদকক আহ্বান জনায়।  অনুষ্ঠানত দৈনন্দিন বাৰ্তাৰ মঙলদৈৰ সাংবাদিক দেৱব্ৰত গোস্বামী, অজয় ডেকা,ধূলাৰ খইবৰ মণ্ডল,খাৰুপেটীয়াৰ আবুল হাছেম,দলগাঁৱৰ সঞ্জয় লাহা, দুমুনিচকীৰ আচলামুদ্দিন আহমেদ, আন্ধেৰীঘাটৰ দিবাকৰ বৰুৱা,নামখলাৰ দ্বীপেন ডেকা, পশ্চিম দৰঙৰ ইন্দাদুল হক উপস্থিত থাকি কাকতখনৰ ওপৰত গঠনমূলক বক্তব্য আগবঢ়ায়। অনুষ্ঠানতে দৈনন্দিন বাৰ্তা কাকত গোষ্ঠীটোৰ দৰং জিলাৰ এখন সমিতিও গঠন কৰা হয়।

Leave A Reply