Breaking

কলিয়াবৰৰ স্নাতকোত্তৰ ফেছন ডিজাইনাৰ এজন যুৱকৰ প্ৰচেষ্টা

0 125

আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৰ বাঢ়িছে অসমৰ এৰীমুগাৰ৷ কলিয়াবৰত এজন উদ্যমী যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এৰী শিল্পই৷ দিল্লীৰ নেচনেল ইনষ্টিটিউট অৱ ফেচন ডিজাইনিঙৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী নৰেন্দ্ৰ বৰাৰ ‘ঐক্য’ই আনিছে আশাৰ বতৰা৷


দিল্লীৰ নেচনেল ইনষ্টিটিউট অৱ ফেচন ডিজাইনিঙৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী নৰেন্দ্ৰ বৰাৰ ‘ঐক্য’ই আনিছে আশাৰ বতৰা ৷ কলিয়াবৰৰ দাৰিগজি আৰু ঔগুৰি গাঁৱৰ শতাধিক মহিলাক একত্ৰিত কৰি যুৱকজনে গঢ়িছে এৰী শিল্পৰ এক নৱ-জাগৰণ। বহিঃৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানত ফেছন ডিজাইনিঙৰ শিক্ষা গ্ৰহণ কৰি নৰেন্দ্ৰ বৰাই কলিয়াবৰত গঢ় দিছে এৰী বস্ত্ৰ উৎপাদনৰ এক অনুকৰণীয় পৰিৱেশ।


বহিঃৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানত ফেশ্বন ডিজাইনিংৰ শিক্ষা গ্ৰহণ কৰি নৰেন্দ্ৰ বৰাই কলিয়াবৰত গঢ় দিছে এৰী বস্ত্ৰ উৎপাদনৰ এটি ক্ষুদ্ৰ উদ্যোগ। এৰী সূতাৰে নিৰ্মিত ঘৰত ব্যৱহৃত ভিন্ন সামগ্ৰীৰ লগতে বিচনা চাদৰ , শাৰী, পৰ্দা কাপোৰ, কুছন কভাৰ তৈয়াৰ কৰাৰ বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি ‘ঐক্য’ৰ জৰিয়তে এনে এখন মঞ্চ তৈয়াৰ কৰিছে, যাৰ জৰিয়তে তিনি শতাধিক মহিলাই বিচাৰি পাইছে স্বাৱলম্বীতাৰ পথ। 


২০১৬-১৭ বৰ্ষত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয়ৰ যোৰহাটৰ কেন্দ্ৰীয় মুগা-এৰি গৱেষণা তথা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহযোগত কলিয়াবৰৰ দাৰিগজি গাঁৱত ৰেচম সমল কেন্দ্ৰ স্থাপন কৰি নৰেন্দ্ৰ বৰাই কলিয়াবৰৰ তিনি শতাধিক মহিলাক লগত লৈ প্ৰস্তুত কৰি আহিছে উন্নত মানদণ্ডৰ এৰী বস্ত্ৰ। দাৰিগজি আৰু ঔগুৰি গাঁৱৰ ঘৰে-ঘৰে প্ৰতিদিনে এৰী বস্ত্ৰ উৎপাদনত ব্যস্ত এই শিপিনীসকল।


কলিয়াবৰৰ নৰেন্দ্ৰ বৰাৰ  গঢ় লৈ উঠা এৰী বস্ত্ৰ উৎপাদনৰ এই প্ৰতিষ্ঠানটোৱে সংস্থাপন দিছে কলিয়াবৰৰ তিনি শতাধিক মহিলা-যুৱতীক। আৰ্থিকভাবে স্বচ্ছল হৈছে প্ৰতিগৰাকী শিপিনী। ঘৰতে এৰী বস্ত্ৰ প্ৰস্তুত কৰি প্ৰতিগৰাকী শিপিনীয়ে মাহিলী উপাৰ্জন কৰিবলৈ সক্ষম হৈছে প্ৰায় দহ হাজাৰকৈ টকা।শিপিনীসকলে প্ৰস্তুত কৰি উলিওৱা উন্নত মানদণ্ডৰ এৰী বস্ত্ৰই ৰাজ্য তথা দেশৰ লগতে বিদেশতো লাভ কৰিছে বিশেষ সমাদৰ। কোৰিয়া, জাপান, পেৰিচ, অষ্ট্ৰেলিয়া আদি দেশলৈ ৰপ্তানি হৈছে কলিয়াবৰৰ উৎপাদিত এই সামগ্ৰী। বিদেশলৈ ৰপ্তানি এৰী সামগ্ৰীত (Oi-Qua) ‘ঐক্য’ৰ নাম সংলগ্ন কৰাৰ লগতে উল্লেখ থাকে শিপিনীৰ নাম।

Leave A Reply