Breaking

আকর্ষনীয় হৈ পৰিছে বিশ্বনাথ বিধান সভা সমষ্টিৰ নির্বাচনী যুঁজ

0 2,076

নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভন্ন ৰাজনৈতিক দল , প্রার্থী আৰু দলীয় সমর্থকৰ তৎপৰতা বৃদ্ধি পাইছে । ৰাজ্যৰ অন্যান্য প্রান্তৰ দৰে ৭৬নং বিশ্বনাথ বিধান সভা সমষ্টিতো ব্যাপক ভাবে প্রচাৰ চলাইছে বিজেপি, কংগ্রেছ আৰু অসম জাতীয় পৰিষদে । বর্তমান বিজেপিৰ দখলত থকা বিশ্বনাথ সমষ্টি নিজৰ দখললৈ আনিবলৈ কংগ্রেছে চেষ্টা অব্যাহত ৰাখিছে । কংগ্রেছ প্রার্থী অঞ্জন বৰা বিশ্বনাথর এগৰাকী জনপ্রিয় ব্যক্তি। সকলো জাতি জনগোষ্ঠীৰ লোকে তেওক সমর্থন কৰাৰ সম্ভৱনা আছে । আনহাতে পিছ পৰি থকা নাই বিজেপি । বিজেপিৰ প্রার্থী প্রমোদ বৰঠাকুৰে  বিগত দিনত বিজেপিয়ে কৰা উন্নয়ন মুলক কাম কাজকলৈ প্রচাৰত নামি  পৰিছে। অজাপৰ প্রার্থী দুলদুল বৰকটকী এগৰাকী প্রাক্তন ছাত্র নেতা । কিন্তু নতুনকৈ গঠিত এই দলক জনসাধাৰণে কেনে ধৰণেৰে গ্রহন কৰে সময়তহে কব পৰা যাব । এতিয়ালৈকে পোৱা তথ্য অনুসৰি বিশ্বনাথ কংগ্রেছ আৰু বিজেপিৰ মাজতেই মুল যুজ খন হব । কংগ্রেছৰ অঞ্জন বৰাই বিশ্বনাথ নগৰক উন্নত মানদণ্ডৰ নগৰ হিচাবে গঢ়ি তোলা, বিশ্বনাথ পানপুৰ মথাউৰী পুনৰ নির্মান,সংখ্যালঘু সকলৰ উন্নয়ন, নেপালী জনসাধাৰণৰ এনআৰচি,ডি ভোটাৰৰ সমস্যা আদি ক্ষেত্রত গুৰুত্ব প্রদান কৰিব  বুলি জানিবলৈ দিছে ।আনহাতে তেওঁক ৰাইজে অদ্ভুতপুর্ব সহাৰি জনোৱা বুলিও ব্যক্ত কৰিছে।

Leave A Reply