Breaking

দেশৰ ১৫খন ৰাজ্যৰ ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ

0 51

লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। বংগৰ উপৰি উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, মধ্য প্ৰদেশ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰাজস্থান, কৰ্ণাটক, উত্তৰাখণ্ড, ছত্তীশগড়, ওড়িশা, হাৰিয়ানা আৰু হিমাচল প্ৰদেশত ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

লোকসভা নিৰ্বাচনৰ দিন ক্ৰমে আগুৱাইছে। চলিতবৰ্ষৰ এপ্ৰিল মাহত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে দেশৰ ১৫ খন ৰাজ্যৰ ৫৬ খন ৰাজ্যসভাৰ আসমৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে সোমবাৰে এই ৫৬ খন আসনৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে।

নিৰ্বাচন আয়োগৰ মতে এই ৫৬ খন আসনৰ বাবে ২৭ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১৩ খন ৰাজ্যৰ ৫০ খন আসনৰ ম্যাদ ২ এপ্ৰিলত শেষ হ’ব।

দুখন ৰাজ্যৰ ছয়খন আসনৰ সদস্যসকলৰ কাৰ্যকাল ৩ এপ্ৰিলত শেষ হ’ব। পশ্চিম বংগৰ উপৰিয ২৭ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, মধ্য প্ৰদেশ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰাজস্থান, কৰ্ণাটক, উত্তৰাখণ্ড, ছত্তীশগড়,ওড়িশা, হাৰিয়ানা আৰু হিমাচল প্ৰদেশত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

Leave A Reply