Breaking

আৰ্কষণীয় হব মাহমৰা সমষ্টিৰ নিৰ্বাচনী যুজঁ : চিপৰাং মৰা ৰাজনীতিত লাভাম্বাবিত হব নেকি বিজেপি ?

0 2,076

আৰ্কষণীয় হব চৰাইদেউ জিলাৰ ১০৫ নং মাহমৰা বিধান সভা সমষ্টিৰ নিৰ্বাচনী যুজঁ।মুলত সমষ্টিটোত এইবাৰ শাসকীয় বিজেপি দলৰ সমান্তৰাল ভাবে কংগ্ৰেছ আৰু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰ দলৰ মাজতে যুজঁ অব্যাহত থাকিব।উল্লেখযোগ্য যে সমষ্টিটোৰ ১৩৬০৬৯ জন ভোটাৰে নিৰ্ণয় কৰিব ৰাজনৈতিক নেতাৰ ভাগ্য।আমাৰ হাতত পৰা তথ্য অনুসৰি সমষ্টিটোৰ পৰা ৰাইজৰ দলৰ হৈ টাই আহোম যুৱ পৰিষদৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি লোহিত গগৈয়ে প্ৰাৰ্থীত্ব দাবী কৰাৰ সমান্তৰালভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সদ্য পদত্যাগ কৰা কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মাণিক গগৈও টিকট দাবীদাৰ ৰূপে আত্মপ্ৰকাশ কৰাত সম্প্ৰতি একমাত্ৰ বিজেপিক উৎখাট কৰাৰ লক্ষ্যৰে মিত্ৰতা স্হাপন কৰা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে কোন জন নেতাক টিকট প্ৰদান কৰিব তাক লৈ দুয়োটা দল একপ্ৰকাৰ বিপাঙত পৰাৰ পৰিলক্ষিত হৈছে।লোহিত গগৈৰ অনুগতই ৰাইজৰ দলৰ পৰা লোহিত গগৈক টিকট প্ৰদান কৰিব লাগে বুলি সাজোৰে দাবী উত্থাপন কৰাৰ বিপৰীতে ৰাজনৈতিক ভবিষ্যত সুৰক্ষিত কৰি আছু ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা প্ৰাক্তন আছু নেতা মাণিক গগৈৰ সমৰ্থকে আওপকীয়াকৈ উত্থাপন কৰিছে গগৈক টিকট দিয়াৰ।ফলশ্ৰুতিত চৰাইদেউ জিলাৰ মাহমৰাত দুয়োটা মিত্ৰ দলত আৰম্ভ হৈছে টিকট লাভ কৰাৰ ক্ষেত্ৰত এক শীতল যুদ্ধ।ইফালে ৰাইজৰ দলৰ পৰা টিকট লাভ কৰাৰ দাবীৰে ৰাইজৰ দলৰ সম্পাদক তথা প্ৰাক্তন টাইপা নেতা লোহিত গগৈয়ে গুৱাহাটীত বাহৰ পতা বিপৰীতে প্ৰাক্তন আছু নেতা মাণিক গগৈয়ে মাহমৰাতে বাহৰ পাতি নিজৰ ৰাজনৈতিক প্ৰচাৰ অব্যাহত ৰাখিছে।সমগ্ৰ বিষয়টোলৈ লক্ষ্য কৰিলে যিটো দলৰ নেতাকে টিকট নিদিয়ক কিয় চিপৰাং মৰা ৰাজনীয়ে বিধ্বস্ত কৰিব নেকি বিজেপিক উৎখাট কৰাৰ লক্ষ্যৰে মিত্ৰতা কৰা ৰাইজৰ দল কিম্বা অসম জাতীয় পৰিষদক।এই লৈ মাহমৰাৰ সচেতন ৰাইজৰ মাজত সৰৱ চৰ্চা।দুয়ো মিত্ৰ দলৰ এই শীতল যুজেঁ সূযোগ দিব নেকি বিজেপি বা কংগ্ৰেছৰ প্ৰাৰ্থীক?তাক লৈও আৰম্ভ হৈছে নিৰ্বাচনী সমীকৰণ।প্ৰাসংগিক ভাবে উল্লেখযোগ্য যে বিগত ২০১৬ বৰ্ষৰ নিৰ্বাচনত বিজেপিৰ যোগেন মহনে ৪৯০৩৬টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ সুৰুজ দিহিঙীয়াই ৩৪৭১১ টা ভোট লাভ কৰি ১৪৩২৫ টা ভোটত পৰাজয় বৰণ কৰিছিল।এইবাৰ পূৰ্বৰ তুলনাত মাহমৰা বিধান সভা সমষ্টিৰ উন্নয়নৰ দিশলৈ ধাৱবান হোৱালৈ লক্ষ্য কৰিলে সমষ্টিটোত মিত্ৰ দলৰ সামান্য ভুলেই শাসকীয় বিজেপি দলৰ প্ৰাৰ্থীজনকে লাভবান কৰিব।

Leave A Reply