Breaking

হাতীখুলী আৰক্ষীয়ে বৃহত পৰিমাণে বাৰ্মী চুপাৰি জব্দ কৰে।

0 2,021

মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা যিদৰে দালালৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে তাৰ পিছতো লৰা কেৰেপ কৰা নাই একাংশ অসাধু লোকে। মুখ্যমন্ত্ৰীৰ হুংকাৰক কেৰেপ নকৰি একাংশ ব্যৱসায়ীয়ে এতিয়াও অবৈধ ভাবে চলাই আছে বাৰ্মী সুপাৰিৰ ৰমৰমীয়া বেহা। ডিমাহাচাও জিলাৰ অন্তৰ্গত হাতীখুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লাচিত লহকৰ বৃহৎ অভিযানত  17/10/21 তাৰিখৰ দিনাই এক গোপন সুত্ৰ পম খেদি এক পাঞ্জাববোডী ট্ৰাক সহ 13 টন 160 কেজি বাৰ্মি সুপাৰি জব্দ কৰে।হাতীখুলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লাচিত লহকৰ বাৰ্মী সুপাৰি জব্দ কৰাৰ পিছত নিজা ববিয়া কৈ এখন এজাহাৰ দাখিল কৰে।এজাহাৰ নং 23/21420/411  IPC ধাৰা।জব্দ কৰা গাড়ীৰ নং AS 09 AC 9241 শিলচৰৰ পৰা আহীয়াছিলে বুলি আমাক জনায়।হাতীখুলী আৰক্ষী এতিয়াও তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply