Breaking

সমাপ্ত নিৰ্বাচনী প্ৰচাৰ। ৭ দিনত ১৪ খন সভা অনুষ্ঠিত প্ৰধানমন্ত্ৰী মোদীৰ, ১০ খন ৰাজহুৱা সভাত ভাষণ ৰাহুল গান্ধীৰ…

0 35

নিৰ্বাচন: বুধবাৰে সন্ধিয়া ৬ বজাত মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ বন্ধ।শুকুৰবাৰে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। নিৰ্বাচনী প্ৰচাৰ নিষেধাজ্ঞাৰ পূৰ্বে বিজেপি আৰু কংগ্ৰেছে ভোটাৰক আকৰ্ষণ কৰিবলৈ বিভিন্ন ব্যৱস্থা কৰিছিল। নির্বাচন আয়োগে শান্তিপূৰ্ণ আৰু ন্যায্যভাৱে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো প্রস্তুতিও সম্পূর্ণ কৰিছে ৷ নিৰ্বাচনৰ পিছত ৩ ডিচেম্বৰত ভোটগণনা কৰা হ’ব। মানুহক আকৰ্ষণ কৰিবলৈ দলসমূহে নিজৰ তাৰকা প্ৰচাৰক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলৰ সৈতে বহু ৰাজহুৱা সভাৰ আয়োজন কৰিছিল। কোনজন নেতাই কিমান জনসভা পাতিছিল জানো আহক-

১/ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এইবাৰ বিজেপিয়ে কোনো এখন নিৰ্বাচনী ৰাজ্যতে মুখ্যমন্ত্ৰীৰ মুখ প্ৰকাশ কৰা নাই। কেৱল প্ৰধানমন্ত্ৰী মোদীৰ মুখত নিৰ্বাচনৰ যুঁজ দিছে দলটোৱে। এই কাৰণেই তেওঁৰ দ্বাৰা বহু ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছিল। ৭ দিনত মধ্যপ্ৰদেশৰ ১৫ খন জিলাত প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰীয়ে। এই সময়ছোৱাত তেওঁ ১৪খন ৰেলী আৰু ১টা ৰোড শ্ব’ও কৰিছিল।

২/ অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মধ্যপ্ৰদেশৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰতো পিছ পৰি নাথাকিল। ইয়াত ১৩খন জিলাত ৬ দিনত প্ৰচাৰ চলাইছিল। এই ১৩ খন জিলাকে ধৰি তেওঁ প্ৰায় ১৭ খন ৰেলী, ২ খন ৰোড শ্ব’ আৰু ২ টা মন্দিৰ পৰিদৰ্শন কৰে।

৩/ যোগী আদিত্যনাথ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথও আছিল বিজেপিৰ তাৰকা প্ৰচাৰক। ৪ দিনত মধ্যপ্ৰদেশৰ ১৩ খন জিলাত প্ৰচাৰ চলাইছিল। এই সময়ছোৱাত যোগী আদিত্যনাথে মুঠ ১৪খন ৰেলী ভাষণ দিয়াৰ লগতে ২টা ৰোড শ্ব’ও অনুষ্ঠিত কৰে।

৪) ৰাহুল গান্ধী

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে ৫ দিনত মধ্যপ্ৰদেশৰ ১০ খন জিলাত প্ৰচাৰ চলালে। ৰেলীৰ কথা ক’বলৈ গ’লে এই নিৰ্ধাৰিত দিনবোৰত তেওঁ ১০খন ৰেলী আৰু ২টা ৰোড শ্ব’ অনুষ্ঠিত কৰি মানুহক নিজৰ দলৰ নেতাক ভোট দিবলৈ কয়।

৫/ প্ৰিয়ংকা গান্ধী ভাদ্ৰা

৬ দিনৰ ভিতৰত মুঠ ৯ খন জিলাত নিজৰ দলৰ প্ৰাৰ্থীৰ বাবে ভোট বিচাৰিছিল প্ৰিয়ংকা গান্ধীয়ে। এই সময়ছোৱাত তেওঁ ১০খন সভাত ভাষণ দিয়ে। ইয়াৰ লগতে তেওঁ ১টা ৰোড শ্ব’তো অংশ লৈছিল।


Leave A Reply