২০ জানুৱাৰী, ২০২৫ঃ Jorhat । হৰি নামৰ ধৱনিৰে মুখৰিত হৈ পৰিল পশ্চিম যোৰহাটৰ মহবন্ধাৰ এৰালতলি পথাৰ। যোৰহাটত অনুষ্ঠিত হব লগীয়া উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিবেশনৰ লগত সংগতি ৰাখি আজি অধিবেশন স্থলীত নিৰ্মান কৰা নামঘৰৰ গুৰু আসন আৰু ভাগৱত প্ৰতিষ্ঠা কাৰ্যসূচী সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মেৰে পালন কৰা হয়।
ডবা শংখ খোল তালৰ পবিত্ৰ ধ্বনিৰ মাজেদি গুৰু আসন প্ৰতিষ্ঠা কৰাৰ পাছত গায়ন বায়ন পৰিবেশন কৰা হয়। তাৰ পাছতে এক সম্পূৰ্ণ আধ্যাত্মিক পৰিবেশৰ মাজেদি অনুষ্ঠিত কৰা হয় নাম প্ৰসংগ। এই নাম প্ৰসংগত জিলা খনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ, আই মাতৃ সকল আহি অংশগ্ৰহণ কৰি এক আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰে। এক কথাত কবলৈ গলে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ এক প্ৰকাৰ দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ ৰূপান্তৰিত হয় যোৰহাটৰ এৰালতলি পথাৰ। আৰু প্ৰায় লক্ষ ভকত বৈষ্ণৱ উপস্থিত হয় এৰালতলি পথাৰত। উল্লেখযোগ্য যে ইতিমধ্যেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ বাবে অধিবেশন স্থলীৰ প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। আৰু কালিলৈৰ পৰা নিতৌ চাৰি প্ৰসংগ নাম অনুষ্ঠিত হব।