Breaking

দৌল মহোৎসৱৰ পূৰ্বে বৰপেটা সত্ৰ সংযোগী পথত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷

0 55

দৌল মহোৎসৱক লৈ তৎপৰ বৰপেটা জিলা প্ৰশাসন ৷ বৰপেটা সত্ৰ সংযোগী পথত চলিল প্ৰশাসনৰ উচ্ছেদ ৷ বৰপেটা সত্ৰলৈ যোৱা পথৰ কাষৰ ভূমি একাংশ লোকে বেদখল কৰি ঘৰ দুৱাৰ নিৰ্মাণ কৰিছিল ৷

বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে সত্ৰলৈ অহা যোৱা কৰা মুল পথটো বেদখলমুক্ত কৰাৰ বাবে জিলা প্ৰশাসনক আবেদন জনাইছিল ৷ প্ৰায় দুবছৰ পূৰ্বে ১ কোটি ১০ লাখ টকা ব্যয় সাপেক্ষে অসম দৰ্শণ আঁচনিৰ অধীনত পথৰ দুয়োকাষ উন্নষনৰ আঁচনি গ্ৰহন কৰিছিল চৰকাৰে ৷

পিছে দুবছৰে পথটো বেদখলমুক্ত কৰি পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰাক লৈ লোকনিৰ্মাণ বিভাগ আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ পিছতে আজি পথটো বেদখলমুক্ত কৰাৰ পদক্ষেপ গ্ৰহন কৰে ৷ উল্লেখ্য যে, দৌল মহোৎসৱৰ লগতে আন সময়তো বৰপেটা সত্ৰলৈ যোৱা পথটোত ব্যাপক যানজঁটৰ সৃষ্টি হয় ৷

Leave A Reply