Breaking

গুৱাহাটীৰ দীঘলীবিলত চকু পুঁজিপতিৰ : অস্তিত্বৰ সংকটত দুস্প্ৰাপ্য হাড়গিলা , ২৭ বিঘা ভূমি দখল কৰা কোন এই বসন্ত আগৰৱালা…

0 111

ফটোৱে মিছা নকয়। এই দৃশ্য গুৱাহাটীৰ গাতে লাগি থকা ঐতিহাসিক দীঘলীবিলৰ। আমিনগাঁৱৰ ইতিহাস প্ৰসিদ্ধ দীঘলীবিল এতিয়া অস্তিত্বৰ সংকটত। দুস্প্ৰাপ্য হাড়গিলাৰ নিৰ্ভৰযোগ্য বাসস্থান দীঘলীবিল। আনহাতে পৰিভ্ৰমী পক্ষীৰ বিচৰণ থলী।

শীত কালত দেশী- বিদেশী পৰিভ্ৰমী চৰাই জাকে কৰে জলকেলী। ঐতিহাসিক দীঘলীবিলত এতিয়া চলিছে অবৈধ দখলৰ হাতোৰা। অদৃশ্য শক্তিৰ বলত বলীয়ান বসন্ত আগৰৱালাৰ চকু দীঘলীবিলত। পুঁজিপতি বসন্ত আগৰৱালা ইতিমধ্যে দিনে নিশাই পাহাৰ কাটি বিলখনৰ ২৭ বিঘা মাটি হাঁহি হাঁহি নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে ।

এইখন অসমত আকৌ চৰকাৰে প্ৰদূষণৰ বাবে গছ গছনি কটাত বাধা দিয়াৰ লগতে উৎসব-পাৰ্বনত ফটকা ফুটোৱাতো বাধা দিয়ে। কাৰণ প্ৰদূষন হোৱাৰ ভয়।

ভবিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি চৰকাৰে এনে বোৰ কাৰ্যত বাধা প্ৰদান কৰি আহিছে আনহাতে চৰকাৰী নিয়ম অনুযায়ী জলাশয় কোনো ব্যক্তি বা প্ৰতিষ্ঠানক হস্তান্তৰ কৰিব নোৱাৰে যদিও অদৃশ্য শক্তিৰে বলীয়ান হোৱা বসন্ত আগৰৱালাৰ ওচৰত প্ৰচলিত আইন অথবা নিয়ম লেতুসেতু হৈ পৰে অদৃশ্য কাৰণত।

এই পৰ্যন্ত কোনো দল সংগঠন কিম্বা প্ৰকৃত প্ৰেমী সংগঠনে দীঘলীবিল ৰক্ষাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। সময় থাকোতে চৰকাৰে কঠোৰ স্হিতি গ্ৰহন নকৰিলে শীঘ্ৰে মানচিত্ৰৰ পৰা দীঘলীবিল হেৰাই যোৱা নিশ্চিত।

Leave A Reply