Breaking

বক্স অফিচত মুখ থেকেচা আদিপুৰুষৰ! ১৬ দিনত ৩০০ কোটিৰো উপাৰ্জন কৰিব নোৱাৰিলে আদিপুৰুষে…

0 58

বক্স অফিচত মুখ থেকেচা আদিপুৰুষৰ! ১৬ দিনত ৩০০ কোটিৰো উপাৰ্জন কৰিব নোৱাৰিলে আদিপুৰুষে। প্ৰভাস, কৃতি ছানন আৰু ছেইফ আলী খান অভিনীত আদিপুৰুষৰ উপাৰ্জন চৰ্চালৈ আহিছে। প্ৰভাস আৰু কৃতি ছানন অভিনীত আদিপুৰুষে ছবিগৃহত ২ সপ্তাহ সম্পূৰ্ণ কৰিলে। প্ৰথম দিনকেইটাত ছবিখনে বহুত ভাল উপাৰ্জন কৰিছিল ষদিও বিতৰ্ক তীব্ৰতৰ হোৱাৰ পিছত এতিয়া ছবিখনে উপাৰ্জনৰ ক্ষেত্ৰত পিছপৰি ৰৈছে। ১৬ দিন ধৰি চিনেমাগৃহত প্ৰদৰ্শিত আদিপুৰুষে এতিয়ালৈকে ৩০০ কোটিৰো অতিক্ৰম কৰিব পৰা নাই।

বিতৰ্কৰে আগুৰি থকা আদিপুৰুষে আৰম্ভণিতে ২০০ কোটিৰ পৰিসংখ্যা অতিক্ৰম কৰিছিল যদিও বিতৰ্কত ডুব যোৱা ছবিখনত ভগৱান হনুমানৰ কিছু সংলাপ শুনি ৰাইজে ক্ষোভ উজাৰিলে। যাৰ বাবে ছবিখনে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। ছবিখনৰ ১৫ দিনৰ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ঘৰুৱা বক্স অফিচত ১৫ তাৰিখে ছবিখনে মাত্ৰ ১.১৭ কোটি টকাহে উপাৰ্জন কৰিছিল। ৫০০ কোটি টকাৰ বিশাল বাজেটত নিৰ্মিত এই ছবিখনে বক্স অফিচত বাৰুকৈয়ে মুখ থেকেচা খাইছে। এলাহাবাদ উচ্চ ন্যায়ালয়ে ছবিখন নিষিদ্ধ কৰাৰ বাবে দুখন আবেদনৰ শুনানি গ্ৰহণ কৰে। ইয়াৰ পিছত আদালতে ২৭ জুলাইত পৰিচালক ওম ৰাউত, প্ৰযোজক ভূষণ কুমাৰ, সংলাপ লেখক মনোজ মুন্টাশ্বিৰক আদালতৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ সমান্তৰালকৈ আদালতে কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক পাঁচজনীয়া এখন কমিটী গঠন কৰি ছবিখনৰ সৈতে জড়িত অভিযোগসমূহ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। তাৰপিছত ছবিখনে জনসাধাৰণৰ আৱেগক আঘাত কৰিছে নে নাই সেই সন্দৰ্ভত নিজৰ মতামত দিব। আদালতে এসপ্তাহৰ ভিতৰত কমিটী গঠন কৰি ১৫ দিনৰ ভিতৰত কমিটীক প্রতিবেদন প্রস্তুত কৰিবলৈ মন্ত্র্যালয়ক নির্দেশ দিছে৷ এতিয়া এই বিষয়ত পৰৱৰ্তী শুনানি ২৭ জুলাইত হ’ব।

Leave A Reply