Breaking

গুৱাহাটীৰ বেলতলাত লোমহৰ্ষক হত্যাৰ বলি নগৰবেৰাৰ প্ৰাঞ্জল কলিতাৰ পৰিয়ালে আজিও নাপালে ন্যায় ,হত্যাকাণ্ডৰ ৪০ দিন পিছতো অপৰাধীক কৰায়ত্ব কৰিব নোৱাৰিলে মহানগৰ আৰক্ষীয়

0 2,041

কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত মেধিপাৰা গাঁওৰ হৰিপদ কলিতাৰ একমাত্ৰ পুত্ৰ প্ৰাঞ্জল কলিতা (২৯) নামৰ এগৰাকী যুৱকক গুৱাহাটীৰ বেলতলাৰ ধৰ্মপুৰত শোৱাপাটীতে দূবৃত্তই হানি খুচি নৃশংসভাৱে হত্যা কৰাৰ প্ৰায় ৪০ দিন উকলি যোৱাৰ পাছতো মহানগৰ আৰক্ষীয়ে হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে। পৰিয়ালৰ লোকে জনোৱা মতে প্ৰাঞ্জল কলিতাই পৰিয়ালৰ দাৰিদ্ৰতা মোচনৰ বাবে গুৱাহাটীৰ বেলতলাত সত্যজিৎ ডেকা নামৰ এগৰাকী লোকৰ জি ডি মীট শ্বপ নামৰ ব্যৱসায় প্ৰতিষ্ঠানত কাম কৰিছিল। যোৱা ২১ মাৰ্চত দোকান সামৰি বেলতলাৰ ভাড়াঘৰত শুই থকা অৱস্থাত নিশা  কোনো দুৰ্বৃত্তই প্ৰাঞ্জল কলিতাক চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে। পিছত কেইজনমান লোকে যুৱকজনক তেজে তুমৰলি হৈ পৰি থকা অৱস্থাত প্ৰত্যেক্ষ কৰে। ২২ মাৰ্চত পুৱা এই চাঞ্চল্যকৰ  হত্যাকাণ্ডৰ খৱৰ বিয়পি পৰাত ঘটনাস্থলীত দিছপুৰ  আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি  মৰণোত্তৰ পৰীক্ষাৰ বাবেগুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ  প্ৰেৰণ কৰে আৰু এক গোচৰ পঞ্জীয়ণ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখে।সেই সময়ত  আৰক্ষীয়ে ঘটনাত জড়িত অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰৰ আশ্বাস দিছিল যদিও হত্যাকাণ্ড সংঘটিত হোৱাৰ প্ৰায় ৪০ দিন পাছতো দিছপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰিছে প্ৰাঞ্জল কলিতাৰ পৰিয়ালৰ লগতে মেধিপাৰা গাঁওৰ একাংশ সচেতন লোকে।ইফালে প্ৰাঞ্জল কলিতাই কাম কৰা উক্ত ব্যৱসায় প্ৰতিষ্ঠানৰ সত্বাধিকাৰী সত্যজিৎ ডেকাও নীৰৱ ভূমিকা গ্ৰহন কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰাঞ্জল কলিতাৰ পৰিয়ালৰ লোকে। অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক প্ৰাঞ্জল কলিতাৰ হত্যাকাৰীক যিকোনো প্ৰকাৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ মহানগৰ আৰক্ষীক দাবী জনাইছে পৰিয়ালৰ লগতে মেধিপাৰা গাঁওবাসীয়ে ।

Leave A Reply