Breaking

শহুৰেকৰ যৌতুকৰ দাবী মানি নলৈ কন্যাক ঢোলে-দগৰে শহুৰেকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ আনিলে পিতৃয়ে…

0 31

এগৰাকী সাহসী পিতৃ। যৌতুকৰ দাবীৰ বাবেই অত্যাচাৰৰ বলি হোৱা কন্যাক সাহসৰ পৰিচয় দি তেওঁ যৌতুক নিদিও বুলি কোৱাৰ লগতে কন্যাৰ বিবাহ বিচ্ছেদ কৰাই ঢোলে-দগৰে শহুৰেকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ আদৰি আনিলে। লোকজনৰ কন্যাক তেওঁৰ শহুৰৰ ঘৰখনে যৌতুক দাবী কৰি নিৰ্যাতন চলাই আহিছিল। কন্যাগৰাকীৰ পিতৃয়ে এই সকলো কথা জানিব পাৰি কন্যাৰ বিবাহ বিচ্ছেদৰ সিদ্ধান্তক সমৰ্থন জনায়। তাৰ পিছতে পিতৃয়ে ঢোল বজাই তেওঁৰ কন্যাক ঘৰলৈ ওভতাই আনে। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

ঘটনাটো উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে। নিৰালা নগৰৰ বাসিন্দা অনিল কুমাৰে বিএছএনএলত কাম কৰিছিল আৰু এতিয়া অৱসৰ গ্ৰহণ কৰিছে। অনিল কুমাৰে তেওঁৰ একমাত্ৰ কন্যা উৰ্বীক চহৰখনৰ চাকেৰী বিমান নগৰৰ আশীষ ৰঞ্জনৰ সৈতে বিয়া দিছিল। উৰ্বীয়ে দিল্লীৰ পালম বিমানবন্দৰত কাম কৰে। তেওঁ এগৰাকী অভিযন্তা আৰু তেওঁৰ স্বামী আশীষো এগৰাকী অভিযন্তা তেঁৱো দিল্লীতে কাম কৰে। উৰ্বীৰ পৰিয়ালে প্ৰকাশ কৰা মতে বিয়াৰ পিছত তেওঁলোক দুয়ো দিল্লীত থাকিবলৈ আৰম্ভ কৰিছিল। অভিযোগ অনুসৰি বিয়াৰ পিছত শহুৰেকে উৰ্বীৰ পৰা অধিক যৌতুক দাবী কৰিবলৈ আৰম্ভ কৰিছিল। উৰ্বীৰ পিতৃ অনিল কুমাৰৰ মতে তেওঁ তেওঁৰ কন্যাৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি দিল্লীত এটা ফ্লেট কিনিছিল, কিন্তু সেইটো তেওঁৰ জোঁৱায়েকে নিজৰ নামত কৰিব বিচাৰিছিল। উৰ্বীয়ে ২০১৯ চনত এজনী কন্যা সন্তান জন্ম দিছিল। তেওঁলোকৰ কন্যাৰ জন্মৰ পিছত উৰ্বীক তেওঁৰ শহুৰেকে অধিক উৎপীড়ন কৰিবলৈ আৰম্ভ কৰিছিল। অভিযোগ অনুসৰি শহুৰেকে ল’ৰা সন্তান বিচাৰিছিল, ছোৱালী নহয়। লাহে লাহেউৰ্বীৰ স্বামীৰ সৈতেও দূৰত্ব বৃদ্ধি পাইছিল আৰু তেওঁলোক দুয়োৱে পৃথকে থাকিবলৈ আৰম্ভ কৰিছিল আৰু দূৰত্ব ইমানেই বাঢ়ি গৈছিল যে তেওঁলোকে আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল আৰু তাৰ পিছত তেওঁলোক দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল।

ইয়াৰ পিছতে উৰ্বীৰ পৰিয়ালৰ সকলো সদস্য গোট খাই উৰ্বীৰ শহুৰেকৰ ঘৰৰ সন্মুখত ঢোল বজাই উপস্থিত হয় আৰু উৰ্বীক পিতৃয়ে নিজৰ ঘৰলৈ আদৰি আনে। ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

Leave A Reply