Breaking

শৈৱ মহাসংঘৰ কেন্দ্ৰীয় সভাপতি সৌমিত্ৰ গোস্বামীৰ পিতৃ প্ৰফুল্ল চন্দ্ৰ দেৱ গোস্বামীৰ মহাপ্ৰয়াণ

0 87

মঙলবাৰে দেৰগাঁৱৰ সমীপবৰ্তী কুৰালগুৰি ভাবলী গাঁৱৰ মুকলিমূৰীয়া টোলৰ বিশিষ্ট লেখক, সমাজকৰ্মী, যোৰহাট ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সৰবৰহী ধৰ্মপ্ৰাণ ব্যক্তি প্ৰফুল্ল চন্দ্ৰ গোস্বামীৰ ৯৪বছৰ বয়সত বাৰ্ধক্যজনীত কাৰণত নিজ বাসগৃহত দেহাৱসান ঘটে।

বিদ্যালয়ত পঢ়ি থকাৰ পৰাই তেখেতে সৃষ্টি,শতধাৰা,কালপুৰুষ,মণিদ্বিপ , সমন্বয়, অজেয় দ্বীপ, নীলকণ্ঠ আদিত লেখা প্ৰকাশ হৈ আহিছে। ১৯৯৪ চনত “গায়ত্ৰী অষ্টোত্তম সহস্ৰনাম”শ্ৰী শ্ৰী দেৱী গীতা”আৰু “শ্ৰীশ্ৰী চণ্ডী” অনুবাদ সহ প্ৰকাশ হয়।২০০৭ চনত “আগমন পূজা তত্ত্ব বিচাৰ”শীৰ্ষক প্ৰয়াত সোমেশ্বৰ শৰ্মা বৰুৱাৰ দ্বাৰা ৰচিত গ্ৰন্থ খন সম্পাদনা কৰি প্ৰকাশ কৰে তেখেতে।

২০১২চনত “শ্ৰী শ্ৰী কালী সহস্ৰ নাম”আৰু “শ্ৰী শ্ৰী দুৰ্গা সহস্ৰনাম পদ্ধতি” প্ৰকাশ কৰে।২০১৩চনত “সহস্ৰনাম মালা” নামেৰে সংস্কৃত স্তোত্ৰ সাহিত্য সংকলন প্ৰকাশ কৰে।২০১৭ চনত তেখেতে “সাধক পদ্মনাভ” আৰু “কুসুমাঞ্জলি” নামেৰে প্ৰবন্ধ সংকলনো প্ৰকাশ পাই।


মৃত্যুৰ সময়ত একমাত্ৰ পুত্ৰ শৈৱ মহাসংঘৰ কেন্দ্ৰীয় সভাপতি সৌমিত্ৰ গোস্বামী,পাছ গৰাকী কন্যা,নাতি-নাতিনী সহ বহু আত্মীয়ক এৰি থৈ গৈছে

-দিব্য জ্যোতি কাকতি, ৰঙামাটি

Leave A Reply