Breaking

পুনৰ ক’ভিডৰ আতংক ! কেৰালাত ক’ভিডৰ নতুন উপ-প্ৰকাৰ JN.1-ৰ সংক্ৰমণ ধৰা পৰিছে বহুতৰ শৰীৰত…

0 25

কেৰালাত চলিত মাহৰ ৮ তাৰিখে এগৰাকী ৰোগীৰ পৰীক্ষাৰ নমুনাত JN.1 নামেৰে ক’ভিড-১৯ৰ এটা নতুন উপ-প্ৰকাৰ(Covid-19 sub variant) ধৰা পৰিছে। চৰকাৰী এক সূত্ৰই শনিবাৰে প্ৰদান কৰিছে এই তথ্য । চৰকাৰী সূত্ৰটোৱে জনোৱা মতে, ১৮ নৱেম্বৰত এগৰাকী ৭৯ বছৰীয়া মহিলাৰ নমুনা আৰ টি-পিচিআৰত পৰীক্ষা কৰাৰ অন্তত ক’ভিড-১৯ৰ এটা নতুন উপ-প্ৰকাৰটোৰ দ্বাৰা মহিলাগৰাকী সংক্ৰমিত হোৱা দেখা গৈছিল। মহিলাগৰাকীৰ দেহত ইনফ্লুৱেঞ্জা সদৃশ ৰোগ (ILI)ৰ এক মৃদু লক্ষণো দেখা গৈছিল যদিও তেওঁ ক’ভিড-১৯ৰ এই সংক্ৰমণৰ পৰা সুস্থ হৈ উঠে।

তামিলনাডুৰ তিৰুচিৰাপল্লী জিলাৰ এইগৰাকী ব্যক্তিৰ শৰীৰত ক’ভিডৰ এই নতুন চাব ভেৰিয়েণ্টবিধৰ অৱস্থিতি পোৱা গৈছিল যদিও ৰাজ্যখনৰ আন কোনো ঠাইত ইয়াৰ সংক্ৰমণৰ তথ্য পোহৰলৈ অহা নাই। ইফালে সূত্ৰটোৱে জনোৱা অনুসৰি, ‘এই এটা ঘটনাই পোহৰলৈ আহিছে যদিও এতিয়ালৈকে ভাৰতৰ আন কোনো প্ৰান্তত JN.1 ভেৰিয়েন্টত আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই।’

উল্লেখ্য যে, ক’ভিড-১৯ ৰ উপ-প্ৰকাৰ (Sub variant) JN.1 প্ৰথমে লাক্সেমবাৰ্গত চিনাক্ত কৰা হৈছিল। কেইবাখনো দেশলৈ বিয়পি পৰা এই সংক্ৰমণ পিৰোলো ফৰ্ম (BA.2.86)ৰ সৈতে সম্পৰ্কিত। এটা সূত্ৰই জনোৱা মতে ইয়াত বিশেষকৈ স্পাইক প্ৰ’টিনত যথেষ্ট সংখ্যক অনন্য মিউটেচন থাকে, যিয়ে সংক্ৰমণ বৃদ্ধি কৰিব পাৰে। লগতে সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি, প্ৰাথমিক তথ্য অনুসৰি আপডেট কৰা ভেকচিন আৰু চিকিৎসাই অৱশ্যে এই JN.1 চাবষ্ট্ৰেইনবিধৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিব ।

Leave A Reply