Breaking

পলাশবাৰী ৰাসৰ অনুভৱে ৰঙীন কৰি তোলে বহুতৰে মন…

0 29

পলাশবাৰী ৰাস আৰু আমাৰ অনুভৱ

হাড় কপোৱা জাৰ-জহৰ মিঠা আমেজেৰে ভৰা শৰতৰ আগমণে জীৱজগতক ৰঙীন কৰি তোলে ৷ কঁহুৱা বনে হালিজালি কয় শৰৎ অহা বুলি ৷ তলসৰা শেৱালীয়ে আসনখন পাৰি দিয়ে শৰতক বিৰাজমান হ’বলৈ ৷ তাকে দেখি নিয়ৰৰ ৰূপালী টোপালবোৰে চৌদিশে আঁকি দিয়ে তৰাৰ তৰাৱলী। ৰাসক্ৰীড়া অদৈহিক আনন্দ কেলি। পৰমাত্মাৰ লগত জীৱাত্মাৰ মধুৰ মিলনেই ৰাসক্ৰীড়া ৷ ৰাস মহোৎসৱ কেৱল আধ্যাত্মিক অনুষ্ঠানেই নহয়, এয়া সমন্বয় আৰু ভাতৃত্ববোধৰ যুগমীয়া চানেকি। ভগৱান শ্ৰীকৃষ্ণৰ অপাৰ মাহাত্ম্য আৰু গুণ-গৰিমাৰে উদ্ভাসিত এই পৱিত্ৰ উৎসৱৰ অন্তৰালত নিহিত হৈ আছে মানৱপ্ৰেম আৰু আমাৰ চহকী সভ্যতা-সংস্কৃতিৰ গূঢ়াৰ্থ।পৰমাৰ্থিক তথা আধ্যাত্মিক জ্ঞানসমৃদ্ধ ৰাসক্ৰীড়া উৎসৱ বা মহোৎসৱ জনসমাজত এক তাত্বিক আৰু ৰং- ৰস বিষয়ক উৎসৱ, যি লৌকিক ধৰ্ম বিশ্বাসৰ সৈতে জড়িত ৷ ৰাসক্ৰীড়া এক শাৰদীয় উৎসৱ ৷ ব্ৰহ্মবৈৱৰ্ত পুৰাণত ৰাসলীলাৰ সময় চ’ত মাহৰ শুক্ল পক্ষীয় ত্ৰয়োদশ তিথি বুলি কৈছে ৷ কিন্তু অষ্টাদশ পুৰাণৰ শ্ৰেষ্ঠ, পুৰাণৰ সূৰ্য শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধত আঘোণৰ পূৰ্ণিমা নিশা যমুনাৰ বালিত ৰাসলীলা অনুষ্ঠিত হোৱাৰ কথা উল্লেখ আছে ৷ বৃন্দাবনত এই ৰাসলীলা শৰৎ কালৰ চন্দ্ৰাৱলী আটাইবোৰ নিশাতে অনুষ্ঠিত হোৱাৰ কথা উল্লেখ আছে লগতে ঊনত্ৰিশ অধ্যায়ৰ পৰা তেত্ৰিশ অধ্যায়লৈ বৰ্ণনা কৰা হৈছে ৰাসক্ৰীড়া ৷ যাক ৰাস-পঞ্চাধ্যায় বোলা হয় ৷ মূলতঃ ’ৰস’ শব্দৰ পৰা উৎপত্তি হোৱা ৰাসৰ অভিধানিক অৰ্থ হ’ল শ্ৰীকৃষ্ণই ব্ৰজধামৰ ভক্তা গোপীসৱৰ সৈতে কৰা ৰসাত্মক নৃত্যক্ৰীড়া ৷ অৰ্থাৎ শ্ৰীকৃষ্ণৰ সৈতে গোপীসকলৰ অপূৰ্ব মিলনৰ ৰসোতীৰ্ণ কাহিনীয়ে হ’ল ৰাসক্ৰীড়া ৷ ৰাসক্ৰীড়াক সাধাৰণ দৃষ্টিত শৃংগাৰ বা আদিৰসে প্ৰাধান্য লাভ কৰিছে যেন লাগিলেও ইয়াত আত্মাৰ সৈতে পৰমাত্মাৰ মিলনৰ কথাখিনিহে নিহিত হৈ আছে ৷ সাংসাৰিক আসক্তিত পৰি ভগৱানৰ প্ৰতি আকৃষ্ট নোহোৱা সাধাৰণ লোকক বহু সময়ত লৌকিক ৰসৰ জৰিয়তে ভগৱৎ ভক্তিলৈ মন নিবৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হয় ৷

“শৃংগাৰ ৰসে আছে যাৰ ৰতি ৷
আকে শুনি হৌক নিৰ্মল মতি ৷৷“

মহাপুৰুষ শংকৰদেৱে সেয়ে ৰাসলীলাৰ বিষয়ে লিখিছে-
“বৃন্দাৱনে আনন্দে কৰিলা ৰাসক্ৰীড়া ৷
গুছাইলা গোৱিন্দে গোপীকাৰ কাম পীড়া ৷৷
শুনিয়োক বুদ্ধজন জনম সাম্ফলি ৷
কামজয় নামে ইটো কেশৱৰ কেলি ৷৷“

ৰাসক্ৰীড়া আৰম্ভ হৈছে বস্ত্ৰ হৰণৰে গোপীসকলৰ অদ্বৈতভাৱৰ পৰীক্ষণৰ যোগেদি ৷ যাক মহৰ্ষি ব্যাসদেৱে গোপীসকলৰ ’আৰ্হতা’ বুলি কৈছে ৷ ’আৰ্হতা’ শব্দৰ অৰ্থ টীকাকাৰ শ্ৰীধৰ স্বামীৰ ভাষাত “ঈষৎ অক্ষত যোনী ৷“ যোনী মানে মায়া ৷ প্ৰথম পৰীক্ষণত গোপীসকল উত্তীৰ্ণ হ’ব নোৱাৰিলে ৷ কিয়নো গোপীসকল তেতিয়ালৈকে মায়ামুক্ত হ’ব পৰা নাছিল আৰু পৰম ব্ৰহ্ম কৃষ্ণই তেওঁলোকক অযোগ্য বিবেচিত কৰি পুনৰ এবছৰ সময় দিলে । তেতিয়া গোপীসকলে হেমন্ত ঋতুত কৃষ্ণক পতিৰূপে পাবলৈ কাত্যায়নী পূজিবলৈ কালিন্দীৰ পাৰত বালিৰে দেৱীমূৰ্তি নিৰ্মাণ কৰি কৃষ্ণক স্মৰণ কৰিলে-
“মহামায়া কাত্যায়নী দিয়ো এহি বৰ ৷
আমাৰ হোন্তোক স্বামী নন্দৰ কুমাৰ ৷৷
এহি মন্ত্ৰ মাত্ৰ পূজৈ প্ৰতিনিত ৷
কৃষ্ণেসে হৈৱন্ত পতি ৰাত্ৰি দিনে চিত্ত ৷৷“ ( ভাগৱত )

এনেদৰে যমুনাৰ জলত নগ্ন হৈ জল কেলি কৰি আহি ধূপ দীপ নৈবেদ্যসহ দেৱীক পূজা কৰি গোপীসকলৰ অন্তৰত বিশুদ্ধ কৃষ্ণ প্ৰেমত প্ৰসন্নহৈ কৃষ্ণই সন্মতি দিয়াৰ সিদ্ধান্ত কৰে –

“যোগেশ্বৰ কৃষ্ণে তাসম্বাৰ বুজি চিত্ত ৷
গোপগণ সমে আসি মিলিল তহিত ৷৷
গোপী সমস্তক দিবে লাগি কৰ্মফল ৷
চিন্তিবে লাগিলা পাচে ভকত বৎসল ৷৷“

এই ভাৱনাৰে কৃষ্ণই গোপীৰ বস্ত্ৰ হৰণ কৰি কদম গছত উঠিল , তলত যমুনাৰ পানীত বিবস্ত্ৰা গোপীগণ ৷ ইয়াৰ তাত্বিক বিশ্লেষণ – যমুনা এই ভৱসাগৰ , পানী মায়া, বস্ত্ৰ অহংকাৰ আৰু কৃষ্ণ পূৰ্ণকাম ভগৱন্ত ৷ এই ভৱসাগৰত কৃষ্ণৰ কৰুণা লভিবলৈ হ’লে মায়াক নিৰ্যান কৰি, অহংকাৰ শূন্য হৈ কৃষ্ণৰ চৰণত শৰণাগত হ’ব লাগিব ৷ গোপীসকলে এই কথা উপলব্ধি কৰিয়ে কৃষ্ণত শৰণাগত হ’ল –

“দুয়ো হাতে যেবে কৰিয়া প্ৰণাম
তেৱেসে ব্ৰত সুসাংগ ৷
শুনি দুয়ো কৰ শিৰত তুলিলা
তেজিয়া গুপত অংগ ৷৷
ব্ৰত ভংগ ভয়ে কৰিয়া কৃতাঞ্জলি
সিদ্ধি হৌক মনকাম ৷
সমস্ত ধৰ্মৰ ফল মূৰ্তি কৃষ্ণ
কৰিলা তাকে প্ৰণাম ৷৷“

গোপীসকলৰ প্ৰেমত সন্মতি জনাই তেতিয়াই তেওঁলোকৰ মনোৰথ পূৰণ কৰিৰ বাবে এবছৰৰ পিছত হ’ব লগা ৰাসক্ৰীড়াৰ কথা সোঁৱৰাই দিয়াত কৃষ্ণৰ পদধূলি শিৰে লৈ গোপীসৱ নিজ গৃহে উভতি যায় ৷

“আসিবে শৰত ৰাতি বিতোপন
বিকশিত বৃন্দাৱন ৷
মঞি সমন্বিত কৰিবাহা ক্ৰীড়া
পৰম আনন্দ মন ৷৷“

ইয়াৰ পাছত শৰতৰ চন্দ্ৰাৱলী ৰাতি পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি পূৰ্ণকাম ভগৱন্তই বৃন্দাৱনত গোপীৰ কামপীড়া গুচাবলৈ যোগমায়াৰ অচিন্ত্য শক্তিৰে বংশীত পঞ্চমনাদত ৰাগ দি গোপীসকলক ৰাসক্ৰীড়াৰ বাবে আহ্বন জনালে ৷ যমুনাৰ তীৰত কৃষ্ণৰ বংশীধ্বনিত গোপীসৱ কামে উত্ৰাৱল হৈ বংশীধ্বনি নিৰীক্ষি গাই-দামুৰী, পতি-পুত্ৰ সকলো এৰি বস্ত্ৰ অলংকাৰে বিভূষিতা হৈ প্ৰাণধন কৃষ্ণৰ কাষলৈ ঢাপলি মেলিলে –
“বনকো দেখিলা চন্দ্ৰৰশ্মিয়ে ৰঞ্জিত ৷
সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত ৷৷
শুনি কামে উত্ৰাৱল হুয়া গোপীগণে ৷
দিলেকে লৱড় গীত ধ্বনি নিৰীক্ষণে ৷৷“

ভগৱানৰ মায়াৰ বলত কামে বিমোহিত হৈ যেতিয়া গোপীগণ কৃষ্ণৰ সন্মূখ হ’ল তেতিয়া কৃষ্ণই গোপীসকলক ক’লে- তোমালোক ইমান জয়াল ৰাতি এই অৰণ্যলৈ কিয় আহিলা ৷ এই দুৰ্ঘোৰ বনত ৰাতি প্ৰেত-পিশাচ, বাঘ, ঘোং, বৰাহ, ভালুকে বিচৰণ কৰে ৷ যাৰ মাত শুনি পুৰুষেও ভয় কৰে ৷ তোমালোক তিৰোতা মানুহ ৷ তোমালোকক ঘৰত নেদেখি ল’ৰা-ছোৱালী , স্বামীয়ে বিচাৰি অসহায় হৈ পৰিছে ৷ তোমালোক এতিয়াই ওলটি যোৱা আৰু স্বামী, ল’ৰা-ছোৱালীৰ সেৱা কৰাগৈ ৷

“দুৰ্ঘোৰ ৰজনী প্ৰেত পিশাচৰ গতি ৷
ঐত নাথাকিবা তোৰাসৱ স্ত্ৰীমতি ৷৷
তোমাসাক নেদেখিয়া পিতৃ- মাতৃচয় ৷
তাসম্বাক মনে মহা মিলিব সংশয় ৷৷
ওলটি ব্ৰজক যাহা কান্দে শিশুগণ ৷
তাসম্বাক প্ৰতিপালি পিয়ায়োক স্তন ৷৷“

ইমানৰ পাছতো গোপীসৱৰ মনৰ পৰিৱৰ্তন নোহোৱাত কৃষ্ণই শেষবাৰৰ বাবে গোপীগণক পৰীক্ষা কৰি চাবলৈ ক’লে- সদাচাৰ আৰু গৃহস্থীধৰ্ম ৰক্ষা কৰাটো স্ত্ৰীৰ পৱিত্ৰ কৰ্ত্তব্য ৷ ইয়াৰ পৰা স্খলন ঘটিলে স্ত্ৰীৰ ধৰ্ম বিনষ্ট হ’ব ৷ উপপতিৰ সমে ক্ৰীড়া কৰা বৰ গৰহিত কাম , পাপ কৰ্ম ৷ গতিকে তোমালোকে সকলো চিন্তা এৰি নিজ গৃহলৈ গৈ পতি সেৱাত ব্ৰতি হোৱাগৈ ৷ জাগতিক ক্ষেত্ৰত মানুহে সাধাৰণতে প্ৰাণ ভয়, লোক ভয় আৰু ধৰ্ম ভয় এই তিনি ভয়ৰ পৰা হাত সাৰি থাকিব বিচাৰে ৷ কিন্তু কৃষ্ণপ্ৰেমত উত্ৰাৱল গোপীসকলক ইমান বুজনি দিও, এই তিনি ভয়েও টলাব নোৱাৰিলে তেতিয়া ভগৱন্তই গোপীসকলক ৰাস ক্ৰীড়ালৈ আহ্বান জনালে আৰু গোপীসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে ৷

ৰাসলীলাৰ তাত্বিক দিশ অতি গভীৰ । শ্ৰীধৰ স্বামীয়ে ‘আত্মনি অৱৰুদ্ধ-সৌৰতঃ’ৰ টীকা কৰিছে – ‘এৱমপ্যাত্মনেৱস অৱৰুদ্ধঃ সৌৰতঃ চৰমাধাতুঃ নতু স্খলিতো যস্যোতি কামজয়োক্তিঃ।’ অৰ্থাৎ শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে শৃঙ্গাৰ ৰসৰ অভিনয় কৰিলেও তেওঁৰ ধাতুস্খলন হোৱা নাছিল; ইয়াতেই কামজয় প্ৰদৰ্শিত হ’ল। স্বামীজীয়ে ৰাসলীলা বৰ্ণনাৰ আদিতে কৈছে ‘তস্মাদ্ৰাসক্ৰীড়াৱিড়ম্বনং কামজয়াখ্যাপনায়েতি তত্ত্বম্ ।’ অৰ্থাৎ ৰাসক্ৰীড়া বিড়ম্বন মাথোন, ৰাসলীলাৰ অনুকৰণত কামজয় প্ৰদৰ্শন কৰাটোৱেই আচল তত্ত্ব ।
ব্ৰজৰ গোপীসকলে মূৰ্ত্তিমান আনন্দ শ্ৰীকৃষ্ণক আলিঙ্গন কৰি গোটেই সংসাৰ পাহৰি গৈছিল। শ্ৰীকৃষ্ণৰ ৰাসলীলা জীৱব্ৰহ্মৰ সৈতে পৰমব্ৰহ্মৰ আলিঙ্গনৰ অভিনয়। সাংসাৰিক মায়া ত্যাগ কৰিব পাৰিলেই কামভাৱ নাথাকে আৰু কাম ত্যাগ কৰি আনন্দ মূৰ্ত্তিৰে সৈতে আলিঙ্গিত হ’বৰ একমাত্ৰ উপায় হ’ল প্ৰেম। প্ৰেমৰ ঘাই লক্ষণ প্ৰিয়তমৰ অপ্ৰাপ্তি দাৰুণ উৎকণ্ঠা। বিৰহিণী, ব্যভিচাৰিণী কামিনীয়েই সেই উৎকণ্ঠাৰ চূড়ান্ত দৃষ্টান্ত। এই বাবে গোপীসকলক ব্যভিচাৰিণী, পৰনাৰীৰূপে থিয় কৰি ভগৱন্তক পাবৰ উৎকণ্ঠা দেখুৱা হৈছে অৰ্থাৎ জীৱৰ এনেকুৱা উৎকণ্ঠা হ’লেহে জীৱই ভগৱন্তক লাভ কৰিব ৷
( বিঃদ্ৰঃ ওপৰৰ শ্লোক তথা ইয়াৰ অৰ্থ প্ৰকাশ কৰোঁতে তথ্যখিনি অইনৰ পৰা সংগ্ৰহ কৰি সহায় লোৱা হৈছে ৷ সেইসকল নমস্য লেখকৰ ওচৰত কৃতজ্ঞতা জনালোঁ ৷ )

অসমৰ ভিন্ন প্ৰান্তে প্ৰান্তে পালন উদযাপন কৰা হয় এই পবিত্ৰ মহোৎসৱ ৷ উদযাপিত ঠাইসমূহৰ ভিতৰত পোন প্ৰথমে আমাৰ মন তথা ৰসনালৈ আগমণ ঘটে শ্ৰী শ্ৰীউত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্টি সংঘৰ উদ্যোগত ৩৫০ বছৰীয়া গৌৰৱোজ্জ্বল শেৱালি সুগন্ধিত দ্বিতীয়খন বৃন্দাৱন মাজুলী মানৱ ৰাস মহোৎসৱ লগতে বৰপেটা জিলাৰ কোঁচ ৰজা চণ্ডী বৰুৱাৰ ৰাজধানী হাউলীত এইবেলি ৯৬ বৰ্ষত পদার্পন কৰা শতবৰ্ষ গৰকিবলৈ চাৰি বছৰ বাকী থকা হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। তদুপৰি সমন্বয় আৰু মহামিলনৰ সেঁ‌তু গঢ়া নলবাৰীৰ শ্ৰীশ্ৰীহৰি মন্দিৰৰ ৰাস মহোৎসৱ এক পবিত্ৰ তীৰ্থভূমি। ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে উদযাপিত হৈ আহি ৯০ সংখ্যকত ভৰি দিয়া ঐতিহ্যমণ্ডিত নলবাৰীৰ মৃন্ময় ৰাস মহোৎসৱ তথা দক্ষিণ কামৰূপ ঐতিহ্যমণ্ডিত ৰাসক্ৰীড়া মানেই প্ৰাকৃতিক সুশ্ৰীৰে ভৰপূৰ য’ত নিৰৱচ্ছিন্ন ভাবে শুনিবলৈ, দেখিবলৈ পোৱা যায় মহাবাহুৰ লহৰৰ ধ্বনি যি ঠাইৰ নাম সুবিখ্যাত, অগ্ৰণী বাণিজ্যস্থলী
’পলাশবাৰী’ অসমবাসীৰ এটি চিনাকী নাম ৷

দেশ স্বাধীন হোৱাৰ বছৰ ১৯৪৭ চনতে এদিনীয়া ঘট পূজাৰে আৰম্ভ হোৱা ৰাস পূজাখন চলিত ইংৰাজী বৰ্ষত ৭৭ বছৰীয়া হ’ল ৷ ১৯৫০ চনত প্ৰতিমা সজাই আৰম্ভ কৰা পলাশবাৰী ৰাস পূজাখনৰ উত্তৰণ ঘটি বৰ্তমান ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা পলাশবাৰী ৰাস মহোৎসৱ ৷ কাতি আঘোণ মানেই যেন শৰৎ আৰু শৰৎ মানেই ভক্তিধৰ্মৰ মহামিলন ৷ শৰৎ ঋতুৰ পূৰ্ণিমাৰ জোনৰ নিভাঁজ পোহৰৰ সতে ৰাসক্ৰীড়াৰ আগমনী মানেই দক্ষিণ কামৰূপীয়াৰ ৰসনাত মাথোঁন ’পলাশবাৰী ৷’ শ্ৰীকৃষ্ণ সহিতে গোপীসমূহৰ মিলন মহানন্দৰ মহোৎসৱ মূলত আমাৰ আৱেগ, আমাৰ স্বাভিমান, আমাৰ গৌৰৱ, আমাৰ প্ৰাণ পলাশবাৰী ৰাস মহোৎসৱ ৷ কৃষ্ণভক্তিৰ মাহাত্ম্য প্ৰকাশ আৰু ৰাস-লীলাৰ ক্ৰীড়া-কৌতুকস্থলী মিলন বাকৰি পলাশবাৰী ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ ৷ এক ভক্তিময় পৰিৱেশৰ মাজতে ঐতিহাসিক পলাশবাৰীৰ শ্ৰীকৃষ্ণময় হৈ পৰা মধুৰ ক্ষণত প্ৰভুৰ ভক্ত হিচাপে মন-প্ৰাণ জীপাল হৈ উঠে সমূহ ভক্তিপ্ৰাণ ৰাইজৰ ।

চলিত বৰ্ষত ১ কোটি টকা বাজেটেৰে ১৫ দিনীয়া কাৰ্যসূচীৰে ২৭ নৱেম্বৰ পৰা ১১ ডিচেম্বৰলৈ ৭৭ তম মহাৰজত জয়ন্তী গৰকা ঐতিহ্যমণ্ডিত পলাশবাৰীৰ ৰাসৰ আলোক-সজ্জা পৰিৱেশে হাত বাউলি মাতে দৰ্শনাৰ্থীক আৰু লোকাৰণ্য হৈ পৰে ৰাসস্থলী । সাংস্কৃতিক কাৰ্যসূচী সহিতে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰত্যেকটো দিনেই ৷ কৃষ্টি-সংস্কৃতিৰ মিলনথলীত পৰিণত হৈ পৰা পলাশবাৰীৰ ৰাস মহোৎসৱলৈ ৰাজ্যৰ সকলো প্ৰান্তৰ পৰা সংস্কৃতিৱান লোক, পৰ্যটক, প্ৰতি নিশাই শ শ ভক্তিপ্ৰাণ লোকৰ আগমণ ঘটে। পলাশবাৰীৰ ৰাস মূৰ্ত্তি প্ৰধান । মৃৎ শিল্পীসকলে বহুদিন পূৰ্বৰ পৰাই মূৰ্ত্তি নিৰ্মাণৰ কামত ব্ৰতী থাকে।
সৰু সৰু কোঠা সজাই ধৰ্মীয় আখ্যানৰ পৌৰাণিক কাহিনীৰ আধাৰত মূৰ্ত্তিসহ ৰং-বিৰঙৰে সাজি তাত অত্যধিক বৈদ্যুতিক কলা-কৌশলৰ আলোক-সজ্জাই প্ৰতিবছৰে নতুন শৈলীৰে দৰ্শক ৰাইজক আত্মাহাৰা কৰে। ৰাধা-কৃষ্ণৰ যুগল মূৰ্তি , গোপী-কৃষ্ণৰ বৃন্দাৱনৰ মণ্ডলাকাৰ নৃত্য মূৰ্তি, শ্রীকৃষ্ণৰ শিশুকালৰ বিভিন্ন লীলা, ৰামায়ণ, মহাভাৰত, পুৰাণৰ বিভিন্ন কাহিনীৰ বাহিৰেও বুৰঞ্জীমূলক চৰিত্ৰ কিছুমান- জয়মতী কুঁৱৰী, লাচিত বৰফুকন; লোক-সংস্কৃতিৰ লগত জড়িত বোৱা-কটা, ঢেঁকীশাল তথা সমাজ সচেতনমূলক বিষয় কিছুমান মূৰ্তিৰ জৰিয়তে ৰূপায়ন কৰা হয় ৷ বিদ্যুৎ সজ্জিত সু-বিশাল ৰভা-তোৰণে আদৰি অনা দেখা যায় ৰাসপ্ৰেমী জনতাক। ইয়াত কোনো ধৰ্মৰ গোড়ামি বা সংকীৰ্ণতা নাই মাথো সৰ্ব ধৰ্ম সমভাৱে হয়। এই মহত্ত্ব ৰাজ্যখনৰ ভিতৰতে বিৰল। সকলো শ্ৰেণী, সকলো সম্প্ৰদায়ৰ লোকৰেই আদৰ আৰু শ্ৰদ্ধাৰ অনুষ্ঠান। ৰাসত ব্যৱসায় কৰিবলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা ব্যৱসায়ীসকল ইয়ালৈ ঢাপলি মেলে। আনকি বহিঃৰাজ্যৰ ব্যৱসায়ী সকলৰো আগমন ঘটে। পলাশবাৰী ৰাসত আছে শৃংখলাবদ্ধতা। প্ৰতিদিনে লক্ষাধিক দৰ্শকে নিজে নিজে স্বেচ্ছাসেৱকৰ ৰূপত আন্তৰিকতাৰে পদাৰ্পণ কৰি এক নতুন মাত্ৰা দিয়ে। এই মহোৎসৱে আধ্যাত্মিক চিন্তাৰ খোৰাক যোগোৱাৰ লগতে জনজীৱনৰ মোহনীয় সংস্কৃতিক ঐক্যবদ্ধ কৰি তোলে।
ৰাস মহোৎসৱৰ বাকৰিত আনন্দমেলা (মিনা বজাৰ) অভিমুখে ৰাওণা হ’বলৈ, প্ৰৱেশ আৰু প্ৰস্থান কৰাৰ মাধ্যম, শোভা বৰ্ধন কৰা কাঠেৰে নিৰ্মিত উৰণীয়া সেঁতু ৷ পলাশবাৰী ৰাস মহোৎসৱৰ মুখ্য তোৰণখনে প্ৰতিবছৰে নতুনত্বৰে আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ প্ৰত্যেক বছৰেই ৰাস মহোৎসৱৰ বাকৰিৰ সমীপৰ মুকলি পথাৰখনত আয়োজন কৰা হয় বাণিজ্য মেলা লগতে এইবেলি আয়োজন কৰিছে পোন প্ৰথমবাৰৰ বাবে খাদ্য মেলা ৷
আমাৰ দেশে স্বাধীনতা প্ৰাপ্তিৰ বছৰটোৱেই হ’ল আমাৰ পলাশবাৰী বাস উৎসৱবোৰ জন্মক্ষণ। ঘট্ পূজাৰে গজালি মেলা অনুষ্ঠানটিয়ে মাথোঁ এটি-দুটি মৃন্ময় মূর্তিৰে ৰাসোৎসৱ উদযাপিত হৈ আজিৰ এই বৃহৎ আয়োজনত উপনীত হৈছে। গোটেই উত্তৰ-পূর্বাঞ্চলবে ই এটি ধর্মীয় সাংস্কৃতিক অনুষ্ঠান হিচাপে পর্যবসিত হৈ আমাৰ অঞ্চলৰ সুনামত অৰিহণা যোগাইছে ৷
মহাৰজত জয়ন্তীৰ দৰে গৌৰবোজ্জ্বল ক্ষণত উপনীত হোৱা আমাৰ এই অনুষ্ঠানৰ এক বর্ণাঢ্য ইতিহাস আছে। বৃহত্তৰ পলাশবাৰী অঞ্চলৰ মাটি-পানী-বায়ু-প্রকৃতি আৰু মানুহক ব্যৱহাৰ কৰি বিৰাট-বিশাল উদ্যোগ গঢ়ি উঠিছে। তদুপৰি ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্য্যয়ো সকলোৰে মন মোহিত কৰি পেলাব পৰা এক মায়া আছে ৷ অধিক যান্ত্ৰিকতাৰ কোলাহলৰ প্ৰভাৱ নাই গুৱাহাটী জালুকবাৰীৰ পৰা প্ৰায় ১৬ / ১৭ কিলোমিটাৰ নিলগত অৱস্থিত এই সৌন্দৰ্য্যপূৰ্ণ ঠাইডোখৰ যি ঠাইত শুনিবলৈ পোৱা যায় মহাবাহু ব্ৰহ্মপুত্ৰৰ ঢৌৰ খেল ৷ চহৰীয়া পৰিৱেশ পঞ্চাশ শতাংশ আৰু গাঁৱলীয়া পৰিৱেশ পঞ্চাশ শতাংশৰ প্ৰভাৱেৰেই পলাশবাৰী গঢ়ি উঠিছে ৷ কেতিয়াবা এভূমুকি মাৰিবচোন পলাশবাৰীৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ, সেই নীৰৱ নিস্তব্ধ মহাবাহু পাৰৰ সূৰ্যাস্তৰ মনমোহা দৃশ্য উপভোগ কৰি মৃদু বতাহৰ শীতলতা দেহত লাগি তন মন জুৰ কৰিবলৈ ৷ পলাশবাৰীৰ গাতে লাগি থকা সমীপৰ গাঁৱকেইখন আগছিয়া, পাৰ্ল্লী, মাজিৰগাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য্য অতুলনীয়, এই যে ধৰাৰ বুকুলৈ ঋতু হেমন্তৰ আগমণৰ লগে লগে প্ৰাতঃ ক্ষণৰ সেই ধৱলী পৰিৱেশ, চৌপাশে শ্যামলৰ ওপৰত শুকুলা কুঁৱলীৰ মিশ্ৰণত জিলিকি উঠা মুকলি শহতলী, মাজে মাজে আছে সৰু বৰ বিটপী আৰু তাৰ লগতে সিঁচৰতি হৈ কুসুমৰ সুগন্ধ ৷ এয়াই আমাৰ এই অঞ্চলৰ আগছিয়াৰ পৰা পলাশবাৰীলৈ সজীৱ হৈ থকা শ্যামলী পৰিৱেশ সৰু বৰ্ণনা যাৰ মহোমোহা দৃশ্য বৰ্ণনাৰেও উপসংহাৰ কৰিব নোৱাৰি ৷

ঋতুমণি দাস

আগছিয়া,পলাশবাৰী ফ’নঃ- ৯১০১৫৭৫৯৮৮

Leave A Reply