Breaking

৫ আৰু ৬ জানুৱাৰিত চলচ্ছিত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল এ নোমাদ ৰিভাৰ’ আৰু‘মহিষাসুৰমৰ্দিনীৰ প্ৰিমিয়াৰ হ’ব বিশেষ আকষৰ্ণ

0 39

৫ আৰু ৬ জানুৱাৰিত চলচ্ছিত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল এ নোমাদ ৰিভাৰ’ আৰু ‘মহিষাসুৰমৰ্দিনীৰ প্ৰিমিয়াৰ হ’ব বিশেষ আকষৰ্ণ। স্মৃতি দিৱসৰ শ্ৰদ্ধাঞ্জলি পবিত্ৰ কুমাৰ ডেকালৈ। ভাৰতৰ শুকাই অহা নদীবোৰে ভাৰতীয় সভ্যতাৰ ওপৰত পেলাব পৰা প্ৰভাব, প্ৰকৃতি আৰু জীৱনৰ হেৰাই যোৱা নদীবোৰৰ সংবাদ, কাহিনী আৰু মেটাফৰেৰে নিৰ্মিত ছবি ‘এ নোমাদ ৰিভাৰৰ প্ৰদৰ্শন হব অহা ৫ আৰু ৬ জানুৱাৰিত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত আয়োজিত হবলগীয়া বিশ্ব সংবাদ কেন্দ্ৰৰ ‘চলচিচত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেলৰ অন্যতম আকৰ্ষণ ৷ এই ছবিৰ ভাৰতীয় প্ৰিমিয়াৰ হব এই মহোৎসৱতেই৷ ছবিৰ পৰিচালক আদিত্য পট্টৱৰ্ধন আমেৰিকা যুক্তৰাষ্ট্ৰত শিক্ষিত আৰু এতিয়া হলিউদেই তেওঁৰ কৰ্মস্থান৷ চলচিত্ৰ মহোৎসৱত অংশগ্ৰহনৰ বাবে তেওঁ লছ এঞ্জেলছৰ পৰা আহি গুৱাহাটী পাবহি চাৰি জানুৱাৰিত৷ ছবিখনৰ অন্যতম প্ৰধান অভিনেত্ৰী, আমেৰিকাৰ নিউয়ৰ্ক ফিল্ম অকাডেমিৰ অভিনয়ৰ স্নাতকোত্তৰ কংকনা চক্ৰবৰ্তীয়েও মহোৎসৱত যোগদান কৰিব৷ মহোৎসৱত প্ৰদৰ্শন হবলগীয়া আন এখন ছবি হল ‘মহিষাসুৰমৰ্দিনী’৷ এই ছবিৰ কাহিনী এৰাতিৰ কাহিনী আৰু মূল লোকেচন এটাই৷ পৰীক্ষামূলক এই ছবিখনত বাংলা ছবিৰ তিনিগৰাকী প্ৰধান অভিনয় শিল্পীয়ে এই ছবিৰ তিনিটি মুখ্য চৰিত্ৰত অভিনয় কৰিছে৷ তেওঁলোক হল ঋতুপৰ্ণা সেনগুপ্তা, পৰমব্ৰত চেটাৰ্জী আৰু শাশ্বত চেটাৰ্জী৷ পৰিচালক ৰঞ্জন ঘোষৰ পূৰ্বৰ ছবি ‘আহাৰে’ গুৱাহাটী আন্তৰ্জাতিক চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল আৰু ছবিখনে অসমৰ বহু দৰ্শকৰ হৃদয় জয় কৰিছিল৷ বহু দৰ্শকে ৰঞ্জন ঘোষৰ এই ছবিৰ বাবে অপেক্ষা কৰি আছে ৷ ছবিখনৰ এই প্ৰদৰ্শন হব উত্তৰপূব ভাৰতৰ প্ৰিমিয়াৰ৷ পৰিচালক ঘোষে এই মহোৎসৱত ভাগ লব৷


পাঁচ জানুৱাৰিৰ দিনৰ এঘাৰ বজাত মহোৎসৱৰ আৰম্ভণি হব আৰু এই অনুষ্ঠানত ভাগ লব ‘নানি তেৰী মোৰনী নামৰ বিখ্যাত ছবিৰ লেখক-পৰিচালক আকাশআদিত্য লামাই ৷ পাঁচ জানুৱাৰি অসমৰ প্ৰখ্যাত চিত্ৰসাংবাদিক পবিত্ৰ কুমাৰ ডেকাৰ স্মৃতি দিৱস ৷ তাৰ লগত সংগতি ৰাখি এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আয়োজন কৰা হব আৰু উৎপল দত্তৰ চুটিছবি ‘বাই লেন টু’ প্ৰদৰ্শন কৰা হব৷ মহোৎসৱৰ সতে আয়োজিত চুটি ছবি প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত ছবি কেইখন প্ৰদৰ্শন কৰা হব৷ এই ছবিকেইখন হল মহৰ্ষি তুহিন কাশ্যপৰ ‘দা হৰ্চ ফ্ৰম হেভেন’, সনাতন কৰ্মকাৰৰ ‘দা লেণ্ড অব হিডেন ট্ৰেজাৰ’, বিজু দাসৰ ‘দা বাৰ্ড ছেলাৰ’, ভবানী দলে টাহুৰ ‘সক্ষম’, গুঞ্জন শৰ্মাৰ ‘নিউ ইয়েৰ ইন ইশান ভাৰত’, অলকেশ বুজৰবৰুৱাৰ ‘ৰাংফ্ৰা’, ৰাজা চৰণ সিঙৰ ‘চাফ’কেচন’, সংগীতা মেধিৰ ‘হাটকথা’ আৰু ৰাকেশ মৰিংগাথেমৰ ‘ইৰলনুংদাগী’৷ অসমৰ প্ৰখ্যাত চিত্ৰকৰ চম্পক বৰবৰাৰ বিষয়ে বিশ্বজিৎ দাসে নিৰ্মাণ কৰা ‘ট্ৰুথ এণ্ড ছেটায়াৰ’ নামৰ ছবিখন প্ৰদৰ্শন কৰা হ’ব ৬ জানুৱাৰিত৷ প্ৰদৰ্শন কৰিবলগীয়া আন কেইখনমান ছবি হ’ল ডঃ অপৰ্ণা বুজৰবৰুৱাৰ ‘ঢুলীয়া অব ওল্ড কামৰূপ’, ৰাজা চৰণ সিঙৰ ‘চাফোকেচন’, ডঃ সুৰভি বিপ্লবৰ ‘কিষান পৰ্ব পোলা’ আৰু বিশাল স্বগীৰ্য়াৰীৰ ‘গোসাই-দা কালাৰ অব স্প্ৰিং’৷ কামাখ্যা নাৰায়ণ সিঙৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি ’জাষ্টিচ ডিলেইড বাট ডেলিভাৰড’ খনৰ এটি বিশেষ প্ৰদৰ্শন এই মহোৎসৱৰ আকৰ্ষণ হ’ব৷


৬ জানুৱাৰিৰ আবেলি সামৰণি অনুষ্ঠানত প্ৰতিযোগিতাৰ বঁটা সমূহ বিতৰণ কৰা হ’ব৷ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই ভাগ ল’বলগীয়া এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব প্ৰখ্যাত কানাড়ী অভিনেতা সুনীল পুৰাণিক৷ মুক্তিৰ অপেক্ষাত থকা অসমীয়া ছবিৰ প্ৰচাৰ কৰিবলৈকো মহোৎসৱত সুবিধা দিয়া হব বুলি অায়োজক পক্ষই জনায়৷

Leave A Reply