Breaking

অনলাইন যোগে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ ষান্মাযিকৰ চূড়ান্ত পৰীক্ষা সম্পন্ন

0 1,279

নগাঁও : বিশ্ববিদ্যালয় অনুদান আয়োগৰ নতুন নীতি-নিৰ্দেশনা অনুসৰি নগাঁওস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বিগত ১ ছেপ্তেম্বৰৰ পৰা অনলাইনযোগে আৰম্ভ হোৱা বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ ১৪ তাৰিখে সুকলমে সম্পন্ন হৈ যায়‌। অতিমাৰী ক’ভিড-১৯ সৃষ্ট ভয়াৱহ পৰিস্থিতিৰ মাজতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ে অনলাইনযোগে সম্পন্ন কৰা ষান্মাষিকৰ চূড়ান্ত পৰীক্ষাসমূহত ৯৯.৯ শতাংশ ছাত্ৰ-ছাত্ৰী সুকলমে অৱতীৰ্ণ হয়‌। ব্যক্তিগত অসুবিধাৰ বাবে ইয়াৰে ০.১ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অংশগ্ৰহণ কৰিব নোৱাৰাৰ কথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছে‌। উল্লেখ্য যে যোৱা ১ ছেপ্তেম্বৰৰ পৰা অনলাইনযোগে স্নাতকোত্তৰ মহলাৰ দ্বিতীয় আৰু চূড়ান্ত ষান্মাষিকৰ পৰীক্ষা সুকলমে অনুস্থিত কৰাৰ লগতে এম.ফিল আৰু পিএইচডি পাঠ্যসূচীৰ কৰ্চৱৰ্কৰ ষান্মাষিক পৰীক্ষাসমূহো বিশ্ববিদ্যালয়খনে অনুষ্ঠিত কৰে ৷ বিভিন্ন সীমাবদ্ধতা তথা প্ৰতিকুল পৰিস্থিতিৰ মাজতো অভূতপূৰ্ব একাগ্ৰতাৰে অনলাইন পৰীক্ষাসমূহত সুকলমে অৱতীৰ্ণ হৈ বিশ্ববিদ্যালয়ৰ এই সৎ প্ৰচেষ্টাক সাফল্যমণ্ডিত কৰি তোলাত সহায় কৰাৰ বাবে বিশ্ববিদ্যালয়খনিৰ উপাচাৰ্য, পঞ্জীয়ক আৰু সহকাৰী পৰীক্ষা নিয়ন্ত্ৰকে ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। লগতে এনে প্ৰতিকুল পৰিস্থিটিতো বিশ্ববিদ্যালয়ত উপস্থিত থাকি পৰীক্ষা সুকলমে সম্পন্ন কৰি তোলাত সৰ্বতোপ্ৰকাৰে সহায় কৰা অধ্যাপক-অধ্যাপিকা, বিষয়া কৰ্মচাৰী তথা কাৰিকৰী সহায়ক সকললৈও কৃতজ্ঞতা জ্ঞাপন কৰা হয়। বিশ্ববিদ্যালয়খনিৰ উপাচাৰ্য ড০ হিতেশ ডেকাই এই সন্দৰ্ভত মন্তব্য কৰে যে – “আমি সকলোৱে বৰ্তমান পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই ল’ব পাৰিলেহে সামাজিক তথা শৈক্ষিক দিশত আগুৱাই যাবলৈ সক্ষম হ’ম‌। অন্যথা আমাৰ শৈক্ষিক ব্যৱস্থাটো একেবাৰে স্থৱিৰ হৈ পৰিব‌। আমাৰ সকলোৰে যথেষ্ট সীমাবদ্ধতা আছে‌। তথাপিও আমি এই সীমাবদ্ধতাৰ মাজেৰেই সীমিত প্ৰযুক্তিৰেই আগুৱাই যাব লাগিব‌। এই অগ্ৰগামীতা আমাৰ সকলোৰে পাথেয় হওঁক‌” ‌। চলিত মাহতে বিশ্ববিদ্যালয়ৰ সমূহ পৰীক্ষাৰ ফলাফলসমূহ প্ৰকাশ পাব বুলি সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক মানস কপিল পাঠকে জানিবলৈ দিছে ৷

Leave A Reply