Breaking

মুখ্যমন্ত্ৰীৰ পত্নীৰ ৰাজসাহাৰ্য্য প্ৰসংগ। প্ৰধানমন্ত্ৰীক অভিযোগ সাংসদ গৌৰৱ গগৈৰ…

0 107

প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ ৰাজসাহাৰ্য্যৰ ঘটনা পালেগৈ প্ৰধানমন্ত্ৰীৰ কাষ। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মালিকাধীন প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডক কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ে ১০ কোটি ৰাজসাহাৰ্য্যৰ বাবে অনুমোদন দিছিল। এই বিষয়ে সাংসদ তথা লোকসভাৰ উপ দলপতি গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ কৰি এক পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত গগৈয়ে ২০২৩ বৰ্ষৰ ২২ মাৰ্চত এই তথ্য কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ মন্ত্ৰী পীয়ূষ গোৱেলে দাঙি ধৰা বুলিও উল্লেখ কৰে। একেদৰে তথ্যৰ ক্ৰমিক নম্বৰ ৭ত স্পষ্ট ভাবে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ নাম উল্লেখ থকা বুলিও সাংসদ গগৈয়ে পত্ৰখনত উল্লেখ কৰে।

এখন ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাজসাহাৰ্য্য পোৱা বিষয়টোৰ সন্দৰ্ভত সাংসদ গৰাকীয়ে প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ১৪ ছেপ্টেম্বৰত এক্স যোগে বিজেপিৰ সকলো সদস্য নেতাই ৰাজসাহাৰ্য্য পোৱাৰ যোগ্যতাৰ ওপৰত মন্তব্য দিয়াৰ বিষয়েও পত্ৰখনত উল্লেখ কৰে। উল্লেখ্য যে কৃষিভূমি উদ্যোগ ক্ষেত্ৰলৈ পৰিবৰ্তন কৰি ৰিণিকি ভূঞা শৰ্মাই ৫০ বিঘা ভূমি ক্ৰয় কৰাৰ লগতে কেন্দ্ৰৰ পৰা বুজন পৰিমাণৰ ৰাজসাহাৰ্য্য পোৱাৰ অভিযোগ উত্থাপিত হৈছিল। আনহাতে ৰিণিকি ভূঞা শৰ্মাই কামৰূপ মহানগৰ দেৱানী আদালতত সাংসদ গৌৰব গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে। সাংসদ গগৈৰ অভিযোগ পত্ৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেনেধৰণে গ্ৰহন কৰে সেয়া সময়ত পোহৰলৈ আহিব।

Leave A Reply