Breaking

জুইত সর্বস্বান্ত হ’ল মানকাচৰ ভাটি ঝগৰাৰচৰৰ এটি পৰিয়াল

0 84

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ঝগৰাৰচৰ গাঁও পঞ্চায়তৰ ভাটি ঝগৰাৰচৰ গাঁৱৰ ইছৰাফিল হকৰ ঘৰত শেষ নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

নিশা আনুমানিক ৩-৩০ মান বজাত পৰিয়ালৰ লোকে জুইৰ উমান পায় আৰু কোনোমতেহে প্ৰাণ ৰক্ষা পৰে। গাঁৱৰ ৰাইজে ততাতৈয়াকৈ দৌৰি আহে যদিও নিমিষতে সকলো ভস্মিভূত হয়।

অৱশেষত স্থানীয় ৰাইজে জুই নুমুৱাবলৈ সক্ষম হয় যদিও নগদ ধনৰ উপৰিও সকলো যাৱতীয় নথি- পত্ৰ ভস্মিভূত হৈ পৰাত পৰিয়ালটোৱে হতাশাগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে।

এনে পৰিস্থিতিত স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে পৰিয়ালটোক সামুহিক সকাহ দিয়াৰ চেষ্টা কৰিছে। দুৰ্ভগীয়া পৰিয়ালটোয়ে চৰকাৰৰ সহায় কামনা কৰিছে৷

Leave A Reply