Breaking

অনুপম জীৱনৰ প্ৰথম বাৰ্ষিক ড্ৰাগছ সেৱন বিৰোধী ১৬ বছৰ অনুৰ্ধ ছোৱালীৰ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা সম্পন্ন

0 45

ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ‘অনুপম জীৱন’ এ জজ খেল পথাৰস্থিত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰত শনিবাৰে আয়োজন কৰা প্ৰথম বাৰ্ষিক ড্ৰাগছ সেৱন বিৰোধী ১৬ বছৰৰ অনুৰ্ধ ছোৱালীৰ আন্তঃ ক্লাৱ/ আন্তঃ গোট / প্ৰতিষ্ঠান প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ (খ) দল চেম্পিয়ন হয়।

এই দলটোৱে উক্ত প্ৰশিক্ষণ কেন্দ্ৰৰেই ( ক) দলক পৰাজিত কৰে। খেলৰ সামৰণিত বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হয়। বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদান কৰে প্ৰাক্তন আন্তৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ স্নিগ্ধা বৰুৱাই। বঁটা বিতৰণী অনুষ্ঠানত জ্যেষ্ঠ অধিবক্তা চাইজুদ্দীন আহমেদ, অইলৰ অৱসৰ প্ৰাপ্ত বিষয়া প্ৰণয় বৰুৱা,এছোচিয়েচন অৱ ড্ৰাগ ৰিহেবিলিটেচন চেন্টাৰচৰ উপদেষ্টা সিদ্ধাৰ্থ প্ৰতীম দত্ত,সভাপতি যুগব্ৰত হাজৰীকাকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে শনিবাৰে পুৱা প্ৰতিযোগিতাখন উদ্বোধন কৰে ৰাজ্যিক নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষ জিতু বৰগোহাঁয়ে। প্ৰতিযোগিতাখন উদ্বোধন কৰি উপাধ্যক্ষ বৰগোহাঁয়ে ড্ৰাগছ সেৱনৰ ভয়াবহতাৰ সন্দৰ্ভত উপস্থিত খেলুৱৈ আৰু সমবেত ৰাইজক অৱগত কৰে।

প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান আৰু বঁটা বিতৰণী অনুষ্ঠানৰ আঁত ধৰে অনুপম জীৱনৰ উপদেষ্টা বসন্ত কুমাৰ শৰ্মাই। স্মন্তব্য যে উক্ত প্ৰতিযোগিতা খনত গুৱাহাটীৰ ৬টা ভলীবল দলৰ লগতে দ্বিশতাধীক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে অংশ গ্ৰহণ কৰে ।

Leave A Reply