Breaking

আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ প্ৰথম মৃত্যু বাৰ্ষিকী

0 2,281

অসমৰ ৰাজনীতিৰ বৃক্ষস্বৰূপ প্ৰাক্তন মুখ্যমন্ত্ৰী, পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী। ১৯৬৮ চনত যোৰহাট পৌৰসভালৈ নিৰ্বাচিত হৈ গগৈয়ে ৰাজনৈতিক জীৱনৰ পাতনি মেলাৰ পিছত এঢাপ এঢাপকৈ আগুৱাই আহি সাংসদ হিচাপে দায়িত্ব পালন কৰাৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সুদীৰ্ঘ ১৫ বছৰ কাল মুখ্যমন্ত্ৰী হৈ থাকি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। ২০২০ বৰ্ষৰ আজিৰ দিনটোতেই মহাপ্ৰয়াণ ঘটিছিল এইগৰাকী অসমৰ ৰাজনীতিবিদৰ। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।
অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰাও প্ৰয়াত গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে জনায় গভীৰ শ্ৰদ্ধাঞ্জলি।

Leave A Reply