Breaking

কাশ্মীৰত প্ৰথমটো আনন্দৰ দিন…

0 103

ভূ-স্বৰ্গ কাশ্মীৰ ২০২২ বৰ্ষৰ শেষৰ সময়ত আজি প্ৰথমটো আনন্দৰ দিন। আনন্দৰ দিন এইকাৰণে কাশ্মীৰত এইবছৰ প্ৰথমবাৰলৈ তূষাৰৰ বৰষুণ ধুনীয়া ধৰণীলৈ নামি আহিছে। কিয়নো কাশ্মীৰ মানে বৰফ আৰু তূষাৰ বৰষুণ হিচাপে জনাজাত। কিন্তু এইবছৰ বৰফৰ আগমন বহু পলম হৈছে বুলি ক’ব পাৰোঁ। ইয়াৰ পূৰ্বে ২০২২ বৰ্ষত বৰফৰ বৰষুণ অহা দেখিবলৈ পোৱা নাই। কাশ্মীৰ উপত্যকাৰ স্থায়ী বাসিন্দাৰ লগতে পৰ্যটক সকলেও বৰফৰ আগমন লৈ বহু প্ৰত্যাশাৰে অপেক্ষা কৰি আছিল। অৱশেষত সকলোৰে অপেক্ষা অন্তঃত বছৰৰ শেষত অৰ্থাৎ ৩০ ডিচেম্বৰ তাৰিখে বৰফ ধুনীয়া ধৰণীলৈ নামি আহে। তুলাৰ দৰে উৰি ফুৰা বৰফ এটুপাল দুটুপাল কৈ পৰি সেউজীয়া কাশ্মীৰ আজি এক শুভ্ৰ দলিচা সদৃশ হৈ পৰিছে। কৃষকসকলৰ মুখত আনন্দৰ হাঁহি বিৰিঙিবলৈ ধৰিছে। কাশ্মীৰত বৰফক বগা হীৰা বুলি গণ্য কৰে। কিয়নো বৰফ সোনকালে অহা মানে আগন্তুক খেতি পথাৰৰ ভাল হয়। বৰফে কাশ্মীৰৰ মাটিবোৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে।

সেইকাৰণে কাশ্মীৰৰ স্থানীয় কৃষক সকলে আনন্দত আত্মহাৰা হৈ পৰে। তদুপৰি কাশ্মীৰৰ স্থানীয় লোকৰ লগতে পৰ্যটক সকলে বছৰৰ প্ৰথম বৰফৰ অপেক্ষা কৰে। কিয়নো প্ৰথম বৰফত যিমান আনন্দ লাগে বাকীখিনি সময়ত সিমানখিনি আনন্দ দেখিবলৈ নাপাওঁ। কিয়নো বাকী সময়বোৰত ঠাণ্ডাৰ অনুভৱ কৰে। সেইকাৰণে সকলোৰে বাবে প্ৰথম বৰফ আনন্দ দিন বুলি ক’ব পাৰোঁ। কিন্তু এইবছৰ কাশ্মীৰত বৰফৰ বৰষুণ হোৱা বহুতে পলম হৈছে বুলি ক’ব পাৰি। কিয়নো আমি কাশ্মীৰত বিগত ২০১৮ চনৰ পৰা উপস্থিত থাকি প্ৰত্যক্ষদৰ্শী হিচাপে এইবছৰ শেষতীয়াকৈ বৰফৰ বৰষুণ হোৱা দেখিবলৈ পালোঁ। যদিহে ২০১৮ চনৰ পৰা চাওঁ তেতিয়া হ’লে কাশ্মীৰত নবেম্বৰ মাহৰ প্ৰথম সপ্তাহতে প্ৰথম বৰফৰ বৰষুণ হোৱা দেখিবলৈ পাইছিলোঁ। কিন্তু এইবাৰ অধিক উৎকন্ঠাৰে অপেক্ষাৰ পাছত শেষতীয়াকৈ বৰফৰ বৰষুণে সকলোকে আনন্দিত কৰি তুলিছে।

লেখকঃ ভাস্কৰজ্যোতি কুটুম

Leave A Reply