নাজিৰাত বানৰ প্ৰলয়ে অৰ্থনীতি উছন কৰিলে আদৰ্শ কৃষকৰ পৰিয়াল

অসমত প্ৰথমবাৰৰ বাবে ইতিহাস ৰচনা কৰিলে বানৰ প্ৰলয়ে । ৰাজ্যবাসীয়ে কোনোদিন নেদেখা এই ভয়াৱহ প্ৰলয় সৃষ্টি কৰিলে দিখৌ নদীয়ে । ১৯ জুলাইৰ পুৱা ১০ বজাৰ পৰা তাণ্ডৱ সৃষ্টি কৰা দিখৌ নৈৰ পানীয়ে বাঁহবাৰী, কমলচাপৰিকে ধৰি নেপালীখুঁটি, মাজগাঁও, বামুণ পুখুৰী, গোহাঁই বাৰী, টেঙাহোলা আদি নৈৰ কাষৰ ঠাই সমূহ এফালৰ পৰা ভাঙি ছিঙি উটুৱাই নিয়াৰ পৰিস্থিতিয়ে সমগ্ৰ নাজিৰা, শিমলুগুৰি, গেলেকীৰ চৌপাশে বিস্তৃত ৰূপত মহাপ্ৰলয় সৃষ্টি কৰিলে । সম্প্ৰতি বানপানী হৈ যোৱা প্ৰায় ৫৫ দিন হৈ যোৱাৰ পাছতো বহু বানাক্ৰান্ত পৰিয়াল অস্থায় শিৱিৰতে বাস কৰিব লগীয়া হৈছে । উল্লেখযেগ্য যে দিখৌ নৈৰ পাৰত বহু খেতিয়কে দশক দশক ধৰি শাক-পাচলিৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছিল । দিখৌ নৈৰ এই প্ৰলয়ংকাৰী বানে বহু খেতিয়কৰ সপোন ভাঙি চূড়মাৰ কৰিলে ।

কৰি থকা খেতি একেবাৰে শেষ কৰি পেলালে। খেতিক জীৱিকা হিচাপে লৈ পৰিয়াল পোহপাল দিয়া খেতিয়কৰ জীৱনলৈ বৰ্ত্তমান তীব্ৰ বিপৰ্যয় নামি আহিছে । নাজিৰাৰ বামুণ পুখুৰী টেঙাহোলাৰ খেতিয়ক অৰুণ কাৱাৰে যোৱা ১০ বছৰ ধৰি বামুণ পুখুৰীৰ গোহাঁইবাৰীত শাক-পাচলিৰ খেতি কৰি নিজৰ প্ৰতিষ্ঠাৰ লগতে ১০ টাকৈ স্থানীয় পৰিয়ালৰ কৰ্মৰ সুযোগ দি সংস্থাপিত কৰিছিল । খেতিৰ পৰা প্ৰতিমাহৰ লাভাংশ হিচাপে ১৬ৰ পৰা ২০ হাজাৰকৈ টকা পাইছিল । কিন্তু ১৯ জুলাইৰ ভয়ংকৰ বানে বিধ্বস্ত কৰি পেলালে তেওঁৰ আঢ়ৈ পুৰাকৈ খেতি । সকলোবোৰ শাক – পাচলি পলসত পোত গ’ল । প্ৰায় একাঁঠু পলসে পুতি পেলোৱা অঞ্চলটোত পুনৰ কিদৰে খেতি কৰিব পৰা যায় তাক লৈ চিন্তিত হৈ পৰিছে অৰুণ কাৱাৰ । কমলচাপৰী, বামুণপুখুৰী, গোহাঁইবাৰীৰ অধিকাংশ ব্যক্তিয়ে দিখৌৰ পাৰতে খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে। তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ মূল চালিকা শক্তি যোগাইছিল শাক পাচলিৰ খেতিয়ে । ইয়াৰ পৰা উৎপাদিত শাক পাচলি নাজিৰাৰ দেওবৰীয়া বজাৰ, মেকীপুৰ, শিমলুগুৰি, চন্টক, শিঙিবিলকে ধৰি ডিমৌ ৰাজমাই আদিৰ বজাৰতো বিক্ৰী হৈছিল। বহু ব্যৱসায়ীয়ে খেতিয়ক সকলৰ বাৰীলৈ গৈ থলীতে শাক পাচলি ক্ৰয় কৰি বজাৰ পোৱাইছিলগৈ । বছৰটোত প্ৰায় তিনিৰ পৰা চাৰি লাখ টকাৰ লাভৰ মুখ দেখা খেতিয়ক সকল এতিয়া ঘৰতে বহি থাকি চিন্তিত হৈ পৰিছে । প্ৰতিদিনে খেতিত ব্যস্ত হৈ থকা খেতিয়ক সকল বৰ্ত্তমান খেতিৰ পৰা আঁতৰত থাকিব লগীয়া হৈছে। শাক পাচলিৰে ভৰি ৰোৱা চাপৰিসমূহৰ অৱস্থা আজি মৰিশালি সদৃশ হৈ পৰিল ।

হাঁহি বিৰিঙি থকা খেতিয়কসকলৰ মুখৰ পৰাই হেৰাই গ’ল হাঁহি । একাঁঠু পলস আঁতৰাই খেতি কৰাটো এতিয়া খেতিয়ক সকলৰ বাবে অসম্ভৱ । অধিক হাৰত শাক পাচলি উৎপাদন হোৱা চাপৰিসমূহ ধ্বংস হোৱাত বৰ্ত্তমান বজাৰ সমূহতো শাক – পাচলিৰ দাম আকাশলংঘী হোৱা পৰিলক্ষিত হৈছে । ইফালে বানবিধ্বস্ত পৰিয়াল সমূহৰ বাবে বজাৰৰ পৰা অধিক মূল্যত শাক পাচলি ক্ৰয় কৰাটোও এক প্ৰত্যাহ্বান হৈ উঠিছে । সৰ্বতোফালে এতিয়া বানাক্ৰান্ত ৰাইজ জুৰুলা হৈ পৰিছে। খেতিৰ ওপৰত নিৰ্ভৰ কৰি পৰিয়াল চলাই থকা খেতিয়ক সকলে কৰিব কি ? মাহে ১৬ ৰ পৰা ২০ হাজাৰকৈ টকা উপাৰ্জন কৰা কৃষকে চুবলৈ ধন নোহোৱা স্থলত এতিয়া কেনেকৈ চলিব ? সন্তানৰ পঢ়া শুনাৰ খৰচ ক’ৰ পৰা যুগুত কৰিব ? প্ৰতিদিনে ৩০০ টকাকৈ চাপৰিত কাম কৰা শ্ৰমিকক হাজিৰা দিয়া আদৰ্শ খেতিয়কজনে পুনৰ এই শ্ৰমিকসকলক হাজিৰা দি কাম কৰোৱাব পাৰিবনে ? সেয়ে বানে অৰ্থনীতি শেষ কৰা পৰিয়াল সমূহ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । এনে পৰিস্থিতিৰ পৰা মূক্ত হ’বলৈ এনে কৃষক পৰিয়ালক হয়তু এটা দশকৰ সময় লাগিব । কবি, বিলাহী, জলকীয়া , বেঙেনা, ভেণ্ডী আদি শাক-পাচলিৰ খেতি কৰি স্বাৱলম্বী হৈ উঠি ১০ টাকৈ স্থানীয় পৰিয়ালক সংস্থাপিত কৰা খেতিয়ক অৰুণ কাৱাৰে পুনৰ নিজৰ ঘৰুৱা আৰ্থিক মেৰুদণ্ড কেনেকৈ পোন কৰিব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে ।

Related Articles