Breaking

ৰাজধানী চহৰ দিল্লীত চিনাক্ত হ’ল কোভিডৰ নতুন প্ৰজাতি জে এন ১ত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী…

0 18

দেশত পুনৰ কোভিডৰ ত্ৰাসে গা কৰি উঠিছে। কৰোনা ভাইৰাছৰ নতুন উপ-প্ৰকাৰ জে.এন.১কলৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে। দেশত এতিয়া প্ৰায় ৫০০০ লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। স্বাভাৱিকতে সেয়ে উদ্বেগ বাঢ়ি আহিছে। দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কৰ’না সংক্ৰমণৰ ঘটনা বৃদ্ধিৰ সময়তে ক’ভিডৰ নতুন ভেৰিয়েণ্ট এইবাৰ দিল্লীত ধৰা পৰিছে। ৰাজধানীত চহৰ খনত প্ৰথমগৰাকী ৰোগী নতুন প্ৰজাতিৰ কোভিডতআক্ৰান্ত হোৱাৰ তথ্য দিছে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজে । ৩টা নমুনাৰ ভিতৰত এটাত নতুন প্ৰজাতি জে এন ১ ভেৰিয়েন্ট পোৱা গৈছে। সমগ্ৰ দেশতে জে এন ১ ভেৰিয়েন্টৰ ৰোগীৰ সংখ্যা ১১০লৈ বৃদ্ধি পাইছে।বুধবাৰে ভাৰতত ৫২৯জন নতুনকৈ কৰ’নাত আক্ৰান্ত ৰোগী ধৰা পৰে।ইয়াৰ লগে লগে মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৪,০৯৩লৈ বৃদ্ধি পাইছে।কৰ’না ভাইৰাছৰ বাবে দেশত ৩জন লোকৰ মৃত্যু হৈছে। প্ৰশ্ন উত্থাপিত হৈছে এনে পৰিস্থিতিত পুনৰ কোভিড ভেকছিন ল’বলগীয়া হ’ব নেকি?

দেশৰ কোভিড-১৯ পেনেলৰ মুৰব্বীয়ে এই প্ৰশ্নৰ উত্তৰ দিছে। ইণ্ডিয়া-এছএআৰএছ-চিঅ’ভি২ জিনোমিক্স কনচৰ্টিয়ামৰ মুৰব্বী ড০ এন কে অৰোৰাই কয় যে নতুন প্ৰজাতিয়ে আশংকা বৃদ্ঘি কৰিলেও পৃথক ভেকছিনৰ কোনো প্ৰয়োজন নহ’ব। কিন্তু তেওঁ সাৱধানতাৰ বিষয়ত অধিক জোৰ দিছে। ডাঃ অৰোৰাই কয় যে ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ লোক, যাৰ কোমৰ্বিডিটি আছে বা শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল,তেওঁলোকে অধিক সাৱধান হোৱা প্ৰয়োজন। তেওঁ ক’লে, ” সপ্তাহত বিভিন্ন অঞ্চলত নতুন উপ-প্ৰকাৰ উপস্থিতি ধৰা পৰিছে।

আমি এতিয়ালৈকে কোভিডৰ ৪০০ ৰো অধিক উপ-প্ৰকাৰ বিচাৰি পাইছো। কিন্তু সৌভাগ্যক্ৰমে, কোনো অমাইক্ৰন প্ৰকাৰ অধিক বিপজ্জনক নহয় বা চিকিৎসালয়ত ভৰ্তি হোৱাৰো প্ৰয়োজন নহয়।” ইফালে, বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে যোৱা এমাহত বিশ্বজুৰি কৰোনাৰ ঘটনা ৫২ শতাংশ বৃদ্ধি পাইছে। কিন্তু এয়া স্পষ্ট নহয় যে কিমান শতাংশ লোক নতুন উপ-প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছে।

Leave A Reply