Breaking

আজি গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ভাগ্য নিৰ্ণয় হ’ব মুখ্যমন্ত্ৰীসহ ৭৮৮জন প্ৰাৰ্থীৰ…

0 45

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ ৰাজ্যত দুটা পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন । ১৮২খন আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত কচ্ছ, সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ জিলাৰ ৮৯খন আসনৰ বাবে আৰম্ভ হৈছে ভোটগ্ৰহণ। আজি নিৰ্ধাৰিত হ’ব ৭৮৮জন প্ৰাৰ্থীৰ ভাগ্য। নিৰ্বাচন আয়োগে নিৰপেক্ষ আৰু নিকা ভোটদান সুনিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছ।

দুটা পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰথম দিনা ভাগ্য পৰীক্ষা হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ভূপিন্দ্ৰ পেটেলৰ। তেওঁৰ লগতে আছে কেইবাজনো গুৰুত্বপূৰ্ণ প্ৰাৰ্থী। গুজৰাট বিধানসভা নিৰ্বাচন এইবাৰ ত্ৰিকোণীয় যুঁজৰ কেন্দ্ৰ। বিজেপি, কংগ্ৰেছৰ সৈতে ফেৰ মাৰি ভোটযুদ্ধত নামিছে অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টী। অৱশ্যে অমিত শ্বাহে দাবী কৰিছে যে গুজৰাটত খোপনি পুতিব নোৱাৰিব কেজৰিৱালৰ আপে।

পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চলিব ১৪,৩৮২টা কেন্দ্ৰত চলিব ভোটগ্ৰহণ। মোদী–শ্বাহৰ ৰাজ্যৰ ৪ কোটি ৯১ হাজাৰ ভোটাৰৰ ভিতৰত প্ৰথম পৰ্যায়ত ভোটাধিকাৰ সাব্য কৰিব ২ কোটি ৩৯ লাখ ভোটাৰে।

ইপিনে, ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ৫ ডিচেম্বৰত হ’বলগীয়া দ্বিতীয় প্ৰযায়ৰ নিৰ্বাচনত মধ্য আৰু উত্তৰ গুজৰাটৰ সমষ্টিসমূহ সামৰি লোৱা হ’ব। গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৮ ডিচেম্বৰত কৰা হ’ব।

Leave A Reply