Breaking

প্ৰথম স্থানপ্ৰাপ্ত দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাক আজমল ফাউণ্ডেচনৰ ৫০ হাজাৰ টকাৰ চেক প্ৰদান । প্ৰতিমাহে প্ৰদান কৰিব স্ক’লাৰশ্বিপ ।

0 1,681

দৰঙৰ পৰা জয়দেৱ ডেকা 

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থানপ্ৰাপ্ত দৰঙৰ বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাৰ বাসগৃহত উপস্থিত এইউডিএফ দল৷ এইইউডিএফৰ সাধাৰণ সম্পাদক মজিবৰ ৰহমানে আজমল ফাউণ্ডেচনৰ পৰা ধৃতিৰাজ বাস্তৱ কলিতাক প্ৰদান কৰে ৫০ হাজাৰ টকাৰ চেক৷ আনহাতে আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা ধৃতিৰাজ বাস্তৱ কলিতাক প্ৰতিমাহে প্ৰদান কৰিব স্কলাৰশ্বিপ ৷ ফলাফল ঘোষণাৰ পিছতে দলটিৰ সাধাৰণ সম্পাদক মজিবৰ ৰহমান ধৃতিৰাজৰ ঘৰত উপস্থিত হৈ ছাত্ৰ গৰাকীক শুভেচ্ছা জনোৱাৰ উপৰিও প্ৰদান কৰিছিল ৫ হাজাৰ টকা ৷ দেওবাৰে পুনৰ বদৰুদ্দিন আজমলৰ নিৰ্দেশত মজিবৰ ৰহমান ধৃতিৰাজ বাস্তৱ কলিতাৰ গৃহত উপস্থিত হৈ আজমল ফাউণ্ডেচনৰ পৰা ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ উপৰিও ছাত্ৰ গৰাকীক প্ৰতিমাহে স্কলাৰশ্বিপ প্ৰদান কৰাৰ কথা ঘোষণা কৰে সংবাদ মাধ্যমৰ জৰিয়তে ৷ উল্লেখ্য যে এইউডিএফৰ সাংসদ বদৰুদ্দিন আজমল হৈছে এজন শিক্ষানুৰাগী লোক ৷ ইতিমধ্যে আজমলে ৰাজ্যত প্ৰতিস্থা কৰিছে প্ৰায় ৭০ খনকৈ বিদ্যালয় ৷ বদৰুদ্দিন আজমলে আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা ধৃতিৰাজ বাস্তৱ কলিতাক ৫০ হাজাৰ টকা প্ৰদান কৰা আৰু মজিবৰ ৰহমানে ৫ হাজাৰ টকা প্ৰদান কৰা বাবে ধৃতিৰাজ বাস্তৱ কলিতাই ধন্যবাদ জ্ঞাপন কৰে ৷

Leave A Reply